ডব্লিউ-জিডিপিৰে সহযোগিতা স্থাপন ৰিলাসেন্স ফাউণ্ডেশ্যনৰ-উদ্দেশ্য দেশৰ লিংগ বৈষম্য দূৰ কৰা

Nita

ডিজিটেল ভাৰতৰ বাবে ৰিলায়েন্স ফাউণ্ডেশ্যনে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।দেশৰ অন্যতম দীৰ্ঘদিনীয়া সমস্যা লিংগ বৈষম্য দূৰ কৰিবলৈ এইবাৰ ডব্লিউ-জিডিপিৰে সহযোগিতা স্থাপন কৰিলে ৰিলায়েন্স ফাউণ্ডেশ্যনে। এক ভাৰ্চুৱেল বৈছকত অংশগ্ৰহণ কৰি  ৰিয়ায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষা নীতা আম্বানীয়ে কয় যে,"এয়া এক অতিকৈ ভাল পদক্ষেপ,আমি অৰ্থ্যাৎ ৰিলায়েন্স ফাউণ্ডেশ্যনে USAIDৰ সৈতে সহযোগত  চলিত বছৰতে দেশত Womenconnect Challenge মুকলি কৰিম। এই কৰ্মসূচীৰ মাধ্যমেৰে আমাৰ মূল উদ্যেশ্য হ’ব ভাৰতত লিংগ বৈষম্য আৰু ডিজিটেল বৈষম্য দূৰ কৰা।"উল্লেখ্য যে ২০১৯ চনত ডোনাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বৰ মহিলাসকলক আৰ্থিক ভাবে শক্তিশালী কৰি তুলিবলৈ W-GDP লঞ্চ কৰিছিল। এই ক্ষেত্ৰত আছিল ইভাংকা ট্ৰাম্পৰ অন্যতম ভুমিকা। ইয়াৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত উন্নয়নশীল দেশসমূহৰ ৫০ লাখ মহিলাক সামৰি লোৱা। মাৰ্কিন প্ৰেচিডেণ্টৰ পৰামৰ্শদাতা ইভাংকা ট্ৰাম্পে কৈছে যে, মহিলাসকলৰ অৰ্থনৈতিক ক্ষমতাৰ বাবে বিভিন্ন উদ্ভাৱনী মাধ্যম তৈয়াৰ কৰা আৰু এই ক্ষেত্ৰত বিনিয়োগৰ বাবে W-GDP গঠন কৰা হৈছিল।আনহাতে,এইবছৰ ৰিলাসেন্স ফাউণ্ডেশ্যনে নিজৰ দশম বৰ্ষপুৰ্তি উদযাপন কৰিছে। বিগত সময়ছোৱাত তিনি কোটিতকৈ অধিক ভাৰতীয়ৰ জীৱনত প্ৰভাৱ পেলাইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে।

Your Comments