শনিবাৰে ৰাজ্যত সাপ্তাহিক 'লকডাউন' নহয়,কিয় জানি লওক

Lockdown

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অহা শনিবাৰে সাপ্তাহিক লকডাউন প্ৰত্যাহাৰ কৰিছে ৰাজ্য প্ৰশাসনে।মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশনাৰ জড়িয়তে প্ৰকাশ কৰিছে এই কথা।

ৰাজ্যবাসীক ক'ভিডৰ সকলো নিৰ্দেশনা, সামাজিক দূৰত্ব,মাস্ক পৰিধান কৰি ১৫ আগষ্টৰ দিনটোত চলা-ফুৰা কৰিবলৈ দিয়াটো নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ আছে।পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলাচলত অনুমতি প্ৰদান কৰা হৈছে।

গুৰুত্বপূৰ্ণ যে সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে ৰাজ্যত বাহাল আছে সাপ্তাহিক লকডাউন।কেৱল শনিবাৰৰ দিনটোত স্বাধীনতা দিৱসৰ বাবে লকডাউন প্ৰত্যাহাৰ কৰিছে চৰকাৰে।

উল্লেখ যে ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে।বুধবাৰৰ দিনটোত সৰ্বাধিক চাৰি হাজাৰৰ অধিক লোক আক্রান্ত হৈছে ক'ৰ'নাত।

Your Comments