দু:খবৰ:হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা সঞ্জয় দত্ত

sanjay dutt

*'সঞ্জু বাবা'ৰ আশু আৰোগ্য কামনা লাখ লাখ অনুৰাগীৰ*

কলংকিত ২০২০।এফালে যদি মহামাৰী কোভিড-১৯ৰ বাবে ব্যাহত হৈছে সাধাৰণ জীৱন-যাত্ৰা,আনফালে আকৌ ইটোৰ পিছত সিটোকৈ আহিছে দু:খবৰ।এইবাৰ হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত  হৈছে বলীউডৰ প্ৰসিদ্ধ অভিনেতা সঞ্জয় দত্ত।ষ্টেজ থ্ৰীত ধৰা পৰিছে এই ৰোগ।জানিব পৰা মতে কিছুদিন পূৰ্বে উশাহ লওতে কষ্ট পোৱাৰ কাৰণে  অভিনেতাগৰাকী মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি হৈছিল।কিন্তু সেই সময়ত শাৰীৰিকভাৱে কিছু সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ উভতিছিল তেওঁ।কিন্তু  ইয়াৰ মাজতে আহিল এটাভয়ংকৰ খবৰ।হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে সঞ্জু বাবা।৬১বছৰীয়া অভিনেতাজনৰ হাওঁঁফাওঁঁৰ কেন্সাৰ ৰোগ ধৰা পৰিছে ষ্টেজ থ্ৰীত।তেওঁৰ ঘনিষ্ঠ বন্ধুয়ে টুইট কৰি এই খবৰ জনায়।

Sanju Baba

আনহাত,সঞ্জয় দত্তই নিজে টুইটাৰত প্ৰকাশ কৰে যে শৰীৰ ভালে নথকাৰ কাৰণে কিছুদিন তেওঁ কামৰ পৰা আঁতৰি থাকিব।সূত্র মতে চিকিৎসাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব সঞ্জয় দত্ত।'বাবা'ৰ অসুস্থতাৰ বিয়পি  পৰাৰ লগে লগে এতিয়া  সকলোৱে তেওঁ সুস্থ হৈ উঠাৰ কামনা কৰিছে।  উল্লেখ্য যে সঞ্জয় দত্তৰ মাতৃ নাৰ্গিচেও পেনক্ৰিয়াছ কেন্সাৰত ১৯৮৪চনত সঞ্জয়ৰ প্ৰথম চিনেমা 'ৰকী'য়ে মুক্তি লাভ কৰাৰ মাত্ৰ তিনিটা দিন পূৰ্বে মৃত্যুক সাৱটি লৈছিল।
তিনিবাৰ বিবাহপাশত আৱদ্ধ হোৱা সঞ্জয়ৰ বৰ্তমানৰ পত্নী মান্যতা আৰু দুই যমজ সন্তান সম্প্ৰতি ডুবাইত আছে।

Your Comments