ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত সৃজনগ্ৰামৰ শিক্ষক ছিৰখাত হুছেইন

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুমুৰীয়া পিকনাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছিৰখাত হুছেইন ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কৃতী শিক্ষকলৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনীত হোৱাত জিলাখনলৈ সুখবৰ কঢ়িয়াই আনিছে। উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ লগত অনায়াসে ফেৰ মাৰিব পৰা জিলাখনৰ এখন অন্যতম বিদ্যালয় হৈছে ডুমুৰীয়া পিকনাপাৰ প্ৰাথমিক বিদ্যালয়।প্ৰধান শিক্ষক হুছেইনৰ বিশেষ প্ৰচেষ্টাত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ কেৱল পুথিগত জ্ঞান চৰ্চাতে সীমাবদ্ধ নাৰাখি খেল-ধেমালি,সাহিত্য-সংস্কৃতি সকলো দিশকে দক্ষতাৰে সামৰি লোৱা হৈছে।ছাত্র-ছাত্ৰীৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক সকলো দিশ সামৰি সৰ্বাংগীন উত্তৰণৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰখা হৈছে বিদ্যালয়খনত।বিদ্যালয়ৰ আন্তঃগাঁথনি টনকিয়াল কৰাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱেও পদক্ষেপ লোৱাৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মৰত শিক্ষকৰ বাবেও ঐক্য সাজৰ ব্যৱস্থা,খোৱাপানীৰ সু- ব্যৱস্থা,গছপুলি ৰোপন তথা মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো বহু যোগাত্মক পৰিৱৰ্তনেৰে শিক্ষক ছিৰখাত হুছেইনৰ বিদ্যালয়খনলৈ আগবঢ়োৱা অৱদান সকলোৰে জ্ঞাত।পৰম্পৰাগত পদ্ধতিতকৈ ন ন মনোগ্ৰাহী পদ্ধতি অৱলম্বনেৰে  শিক্ষাদান কৰাত আগ্ৰহী তথা  শিক্ষাৰ ক্ষেত্ৰখনৰ উপৰিও বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত সমাজ হিতৈষী এজন যোগ্য ব্যক্তিক ভাৰত চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানৰ বাবে বিবেচনা কৰাত বঙাইগাঁও জিলা প্ৰশাসন তথা বঙাইগাঁওবাসী  উৎফুল্লিত আৰু  গৌৰৱাম্বিত হৈ পৰিছে। 

Your Comments