অৰৰা শাখা ছাত্র সন্থাৰ নতুন সমিতি গঠন

Nalbari AASU

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ অৰৰা শাখা ছাত্র সন্থাৰ নতুন সমিতিখন যোৱা ১১ আগষ্টত গঠন কৰা হয়।আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাসৰ সভাপতিত্বত ১নং অৰৰা প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাত উদ্যেশ্য ব্যাখ্যা কৰে আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে।উক্ত সভাত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি কল্প ৰাজবংশী,উৎপল কলিতা,বিত্তীয় সম্পাদক ধৰ্মেন্দ্র দাস আৰু সাংগঠনিক সম্পাদক মিলন দাস উপস্থিত থাকি 'আছু'ৰ নীতি-আদৰ্শ সন্দৰ্ভত বিতংকৈ মন্তব্য দিয়ে।উক্ত সভাতে অৰৰা শাখা ছাত্র সন্থাৰ ১৭ জনীয়া এখন সমিতি গঠন কৰা হয়।সভাপতি হিচাপে ৰুবুল ৰাজবংশীক আৰু সাধাৰণ সম্পাদক হিচাপে কৈলাশ দাসক দায়িত্ব দিয়া হয়।উল্লেখ‍্য যে চৰকাৰৰ স্বাস্থ্য বিধি মানি চলি সভাখন অনুষ্ঠিতকৰা হয়।

Your Comments