নলবাৰীত কৃষক সভা-চিআইটিইউৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা

Nalbari

"বিজেপিয়ে পৰিবৰ্তনৰ নামত আভুঁৱা ভাৰিলে ৰাইজক"


দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা কৃষক সভা আৰু চিআইটিইউৰ জিলা সমিতিৰ উদ্যোগত সোমবাৰে নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দাবীৰ ভিত্তিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়I
এল আই চি কাৰ্য্যালয়ৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ৰক্ত পতাকা,ফেষ্টুন আদি লৈ উলিওৱা দুই শতাধিক শোভাযাত্ৰাকাৰীয়ে স্বাস্থ্যসেৱাক বিনামূলীয়া আৰু সাৰ্বজনীন কৰক,ছয় মাহৰ বাবে বিনামূলীয়াকৈ চাউল-দাইল যোগান ধৰক,আয়কৰৰ আওতাত নপৰা সকলোকে ছয় মাহৰ বাবে সাত হাজাৰ পাঁঁচ টকাকৈ নিবনুৱা ভাট্টা দিয়ক,এনৰেগা শ্ৰমিকক দৈনিক মজুৰি ছশ টকাকৈ দি দুশ দিনৰ কাম দিয়ক অন্যথা ভাট্টা দিয়ক,বান গৰাখহনীয়া সমস্যাৰ সমাধান আৰু পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰক,পি এম কিষান নিধি আচঁনিৰ দুৰ্নীতি বন্ধ কৰক,ৰাজহুৱা খণ্ড বেচৰকাৰী কৰা বন্ধ কৰক,ই আই এ বাতিল কৰক,অত্যাবশ্যকীয় সামগ্ৰী সংশোধনী আইন বাতিল কৰক,সৰ্বত্ৰে ব্যৰ্থ বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় উত্তাল কৰে।কাৰ্যসূচীত জিলা কৃষক সভাৰ সম্পাদক ৰবীন মিশ্ৰ,চি পি আই(এম) দলৰ জিলা সম্পাদক উমেশ দত্ত,চি আই টি ইউৰ জিলা সম্পাদক মহেশ্বৰ দত্ত,কৃষক সভাৰ কৰ্মী জীৱেশ্বৰ কলিতা,অনিল মহন্ত,দ্বীপজ্যোতি তালুকদাৰ,মনোৱাৰ হুছেইনসহ ভালেমান নাগৰিক উপস্থিত থাকে।কাৰ্যসূচীত ভাষন প্ৰদান কৰি বিশিষ্ট কৃষক নেতা ৰবীন মিশ্ৰই কয় যে সমস্যাৰ সমাধান লাগে।প্ৰৱঞ্চনাৰ ৰাজনীতি বহু হ'ল।বিজেপি দলে পৰিৱৰ্তনৰ কথা কৈ শাসন ল'লে যদিও বাস্তৱত একো বিশেষ নাই।সম্প্ৰতি চৰকাৰে ঘোষণা কৰা লকডাউন আৰু আনলকত শ্ৰমজীৱী জনসাধাৰণৰ আয় নথকাত গভীৰ সংকটত পৰিছে।বান পৰিস্থিতিত ৰাইজে হাবু-ডুবু খোৱাৰ লগতে শতাধিক লোকৰ মৃত্যু হৈছে।ক'ৰ'না,বানপানী, জাপানী এনকেফেলাইটিছ ৰোগে বহুজনৰ জীৱন কাঢ়ি ল'বলৈ ধৰিছে।এনে সময়তে পৰিবৰ্তনকামী বিজেপি চৰকাৰে ই আই এ অধ্যাদেশ জাৰি কৰি অসমৰ প্ৰাকৃতিক পৰিৱেশকো ধবংসৰ দিশে নিয়াৰ কুচকাৱাজ চলাইছে বুলি মিশ্ৰই অভিযোগ তোলে।

Your Comments