শিৱসাগৰত ট্ৰেড ইউনিয়নৰ 'ভাৰত বচাও আন্দোলন'

'Bhart Basao'

"ক'ৰ'না সংকটৰ সময়ত চৰকাৰে ৰাজনীতি কৰিছে"

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বৰগোঁহাই:

দেশজুৰি ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ আহ্বানত কেইবাটাও দাবীৰ ভিত্তিত 'ভাৰত বচাও আন্দোলন' শিৱসাগৰতো শ্ৰমিক সংগঠন সমূহে সোমবাৰে ৰূপায়ণ কৰে।অ' এন জি চি ঠিকা শ্ৰমিক ইউনিয়নৰ নেতা মদন বৰুৱাই আঁত ধৰা অনুষ্ঠানত দাবীসমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে চি পি আই নেতা কনক গগৈয়ে।তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিসমূহক চোকা সমালোচনা কৰাৰ লগতে  চৰকাৰে ক'ৰ'না সংকটৰ সময়ত ৰাজনীতি কৰিছে বুলি দোষাৰোপ কৰে।'ই আই এ ২০২০' উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতিকৈ ভয়াৱহ বুলি কোৱাৰ লগতে নতুন শিক্ষা নীতিকো চোকা সমালোচনা কৰে। তদুপৰি সাম্প্ৰদায়িকীকৰণ,বাণিজ্যিকীকৰণ তথা ব্যৱসায়ীকৰণ বন্ধ কৰিবলৈও দাবী জনায়‌।কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক সকলোৰে বাবে স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰিবলৈ দাবী কৰে।ইয়াৰ উপৰি ৰেল,বিদ্যুৎ,তেল,কয়লা,প্ৰতিৰক্ষা আৰু বেংকসহ দেশৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ অভিযান বন্ধ কৰা,আঁচনিভুক্ত কৰ্মচাৰীসকলক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া,মাননিৰ সলনি মজুৰি আদায় দিবলৈ দাবী জনায়।ক’ৰ'না পৰিস্থিতিয়ে আয়হীন কৰি তোলা প্ৰতি শ্ৰমিকক মাহে ১০ কিলো চাউলসহ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ দাবী জনায়৷তদুপৰি,ক’ৰ'না পৰিস্থিতিত কৰ্মহীন হৈ পৰা মটৰ পৰিবহণ শ্ৰমিকসহ অসংগঠিত খণ্ডৰ সকলো শ্ৰমিকক মাহে ৭৫০০ টকা সাহায্য প্ৰদান কৰিবলৈ দাবী জনায়।আনহাতে MGNREGA শ্ৰমিকৰ মজুৰি ৬০০ টকালৈ বৃদ্ধি আৰু কৰ্মদিন ২০০ দিনলৈ বৃদ্ধি,ঘৰলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিয়া, চাহ শ্ৰমিকৰ দিন মজুৰি ৩৫১ টকা ধাৰ্য কৰা,বান-খহনীয়াত ক্ষতিগ্ৰস্তক পয্যাপ্ত সাহায্য দি এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ দাবী জনায়।কৃষিভূমি অধিগ্ৰহণ আইন,শ্ৰম সংস্কাৰ আইন বাতিল কৰাৰ লগতে 'পাৰিৱেশিক প্ৰভাৱ নিৰূপণ বিল-২০২০' বাতিলৰ দাবী জনায়।

Your Comments