কেৰালাৰ বিমান দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি

Kerala Plane Crash

শুকুৰবাৰে কেৰেলাৰ কজিকড় আন্তৰ্জাতিক বিমান বন্দৰত সংঘটিত বিমান দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে।অৱতৰণৰ সময়ত বিমানখন পিচলি পৰে।যাৰ বাবে ৰানৱে’ৰ কাষৰ ৫০ ফুট গভীৰ খাৱৈত পৰে বিমানখন। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে প্ৰকাণ্ড বিমানখন নিমিষতে দুটুকুৰা হৈছিল।এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি দুৰ্ঘটনাত পতিত হোৱা বিমানখনে বন্দে ভাৰত মিছনৰ অধীনত বিদেশৰ পৰা ভাৰতীয় লোকসকলক  উদ্ধাৰ কৰি স্বদেশলৈ আনিছিল।দুৰ্ঘটনাৰ সময়ত দুজন পাইলট,পাঁচজন কেবিন ক্ৰুসহ মুঠ ১৯১গৰাকী যাত্ৰী আছিল বিমানখনত।বৰ্তমান চিকিত্‍সাধীন ১২৩ গৰাকী যাত্ৰীৰ ভিতৰত ১৫জনৰ অৱস্থা সংকটজনক।

Your Comments