স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি পুত্ৰৰ সৈতে বিয়াত বহিল মাহী-মাক

Russia

নিউজ ডেস্ক-
কি কি যে ঘটনা নঘটে! এফালে যদি কোৰোণাৰ ফলত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সলনি হৈছে আনফালে আকৌ কিছু সংখ্যকৰ সলনি হৈছে মন। একাংশৰ কিছুমান কাম কাজে এতিয়া লাজতো পেলাইছে বহুজনক। তাৰ মাজতে সংঘটিত হৈছে এক আচৰিত ঘটনা।
৩৫ বছৰীয়া মাক এইবাৰ বিবাহ পাশত আবদ্ধ হ’ল ২০ বছৰীয়া পুত্ৰৰ সৈতে। নিজৰ মাহী মাকৰ সৈতেই প্ৰেমত পৰিল যুৱক। শেষত মাহী মাকেও দেউতাকৰ সৈতে বিবাহ বিচ্ছেদ কৰি সন্তানৰ সৈতেই পাতে নতুনকৈ সংসাৰ।Ru


মাৰিণা নামৰ মহিলাগৰাকীয়ে প্ৰথমে বিবাহ পাশত আবদ্ধ হয় আলেক্সি নামৰ এজন ব্যক্তিৰ সৈতে। কিন্তু বিয়াৰ কেইবছৰ মানৰ পিছতে মেৰিণা প্ৰেমত পৰে আলেক্সিৰ প্ৰথমগৰাকী পত্নীৰ সন্তানৰ সৈতে। আনকি আলেক্সিৰ পুত্ৰইয়ো নিজৰ মাহী মাকৰ সৈতে বিয়াত বহাৰ মন মেলে। শেষত মেৰিণা আৰু আলেক্সিৰ বিবাহ বিচ্ছেদ হয়। আৰু মাতৃ-পুত্ৰই নতুনকৈ আৰম্ভ কৰে সংসাৰ। এই ঘটনা সংঘটিত হৈছে ৰাছিয়াত।

Your Comments