কিছু বিশেষ নিয়ম মানি লক্ষণ নথকা ক'ৰ'না ৰোগী থাকিব পাৰিব ঘৰত

Dr.Himanta Biswa Sarma

*বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ*

লক্ষণ নথকা ক'ৰ'না আক্রান্তসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।লক্ষণ নথকা ক'ৰ'না আক্রান্তই কভিড কেয়াৰ চেন্টাৰৰ বিপৰীতে থাকিব পাৰিব নিজৰ ঘৰতে।তাৰ বাবে স্বাস্থ্য বিভাগে বান্ধি দিছে বিশেষ নিয়ম।সেই নিয়মসমূহ হৈছে-

ৰোগীগৰাকীক লৈ ওচৰ-চুবুৰীয়াৰ থাকিব নালাগিব কোনো আপত্তি।

আক্রান্ত ব্যক্তিগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃ তেওঁৰ লগত থাকিব নালাগিব।

থাকিব লাগিব এজন ব্যক্তিগত চিকিৎসক।নিজে ক্ৰয় কৰি ল'ব লাগিব এটা পালছ অক্সিমিটাৰ।অক্সিমিটাৰত পালছ যদি ৯৫ তললৈ নামি যায়,তেন্তে নিজৰ গাড়ীৰে ভৰ্ত্তি হ'ব লাগিব গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

নিয়মসমূহ মানি চলিম বুলি ৰোগীগৰাকীয়ে যদি লিখিতভাৱে স্বাস্থ্য বিভাগক প্ৰদান কৰে,  তেন্তে আক্রান্ত ব্যক্তিজনে ঘৰতে আইছ'লেচন হৈ থাকিব পাৰিব।

হোম আইছ'লেচন আত্মঘাতী ব্যৱস্থা।ৰাজ্যৰ চিকিৎসকসকলে স্বাস্থ্য বিভাগক এই কথা জনাই আহিছে যদিও ৰাইজৰ অভিযোগৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে বুলি গুৰুত্বপূৰ্ণ  মন্তব্য প্ৰকাশ কৰে ডঃশৰ্মাই।

আনহাতে বিমান যাত্ৰীসকলক এতিয়াৰে পৰা কৰা হ'ব এন্টিজেন টেষ্ট।যদি ফলাফল নিগেটিভ আহে,তেন্তে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ বিপৰীতে ১৪দিন থাকিব লাগিব হোম কোৱাৰেণ্টাইনত।

Your Comments