নগাঁৱত মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান:১৫ হাজাৰৰো অধিক টকাৰ জৰিমনা সংগ্ৰহ

Nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

ক'ৰ'না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা দিনক-দিনে বৃদ্ধি পাইছে নগাঁও জিলাত। ইতিমধ্যে ভ্ৰমণ বৃত্তান্ত নথকা শিশুসহ বহুকেইজন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। ইয়াৰ পিছতো বৃহৎ সংখ্যক লোকৰ মাজত নাই সামাজিক চেতনা।চৰকাৰে ক'ৰ'না প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নিৰ্দেশাৱলী নগাঁৱত ব্যাপকভাৱে উলংঘা কৰা হৈছে।জিলাখনৰ বিভিন্ন  দৈনিক,সাপ্তাহিক বজাৰসমূহত মানুহৰ অধিক সমাগম পৰিলক্ষিত হৈছে।বহু লোকে মাস্ক পৰিধান নকৰাকৈ এই বজাৰসমূহলৈ গৈ এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। তদুপৰি নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন বিপনী,বেংক চি এছ পি আদিত গ্ৰাহকে উলংঘা কৰি আহিছে চৰকাৰী নিৰ্দেশনা। বজাৰসমূহত অধিক মানুহৰ সমাগম ৰোধ কৰাত জিলা প্ৰশাসন সফল হ'ব পৰা নাই। জিলা প্ৰশাসনে মাইকযোগে ক'ৰ'না প্ৰতিৰোধৰ বাবে চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিবলৈ ৰাইজক বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো একাংশ লোকে ব্যাপক হাৰত চৰকাৰী নিৰ্দেশনাৱলী উলংঘা কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততেই শুকুৰবাৰে নগাঁও চহৰত চলাই এক অভিযান।মাস্ক পৰিধান নকৰি চহৰখনত ওলাই অহা বহু লোকক জৰিমনা বিহি ভবিষ্যতে মাস্ক পৰিধান নকৰাকৈ ঘৰৰ বাহিৰলৈ নোলাবলৈ সতৰ্ক কৰি দিয়ে।মাস্ক পৰিধান নকৰা প্ৰতিজন লোকক আৰক্ষীয়ে পৰা ৫০০ টকাকৈ জৰিমনা বিহে। নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাই ১৫ হাজাৰৰো অধিক টকাৰ জৰিমনা বিহে।নগাঁও আৰক্ষীৰ এনে পদক্ষেপৰ সচেতন মহলে শলাগ লোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত আৰক্ষীক অধিক কঠোৰ হ'বলৈ আহ্বান জনায়।

 

Your Comments