ফেনে-ফোটোকাৰে বাঢ়িছে পাগলাদিয়া নৈৰ  পানী:আল্লিয়াৰ ৰাজহুৱা শ্মশানৰ প্ৰতি ভাবুকি

Pagladiya

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বৃহস্পতিবাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত পাগলাদিয়া নৈৰ পানী ফেনেফোটোকাৰে বাঢ়ি আহিছে।নৈখনৰ বাঢ়নী পানীয়ে ইতিমধ্যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাঠাইতো খহনীয়াৰ সৃষ্টি কৰি নৈপৰীয়া ৰাইজ তথা ৰাজহুৱা সম্পত্তিলৈ ভাবুকি কঢ়িয়াই আনিছে।নৈখনৰ বাঢ়নী পানীয়ে আল্লিয়াৰ বনগাঁৱত অৱস্থিত ৰাজহুৱা শ্মশানখনলৈ ভাবুকি কঢ়িয়াই আনিছে।এই পানীয়ে ইতিমধ্যে শ্মশানখনক চাৰিওফালে ঘেৰি পেলোৱাত শ্মশানখন উটুৱাই নিয়াৰ উপক্ৰম হৈছে।প্ৰায় ২৫ লাখ টকাৰ ব‍্যয় সাপেক্ষে নিৰ্মাণ কৰা অঞ্চলটোৰ ৰাইজৰ মৃতকৰ সৎকাৰস্থলী হিচাপে চিহ্নিত হোৱা শ্মশানখন নৈখনৰ বাঢ়নী পানীয়ে উটুৱাই নিলে অঞ্চলটোৰ ৰাইজ ভীষণ সমস্যাত পৰিব।ইতিমধ্যে,শুকুৰবাৰে পুৱাৰ ভাগত শ্মশানখনৰ পশ্চিম দিশৰ গাৰ্ডআলখন খহনীয়াত জাহ গৈছে।শুকুৰবাৰে নিশাৰ ভাগত বৰষুণ বৃদ্ধি পালে শ্মশানখন খহনীয়াৰ কৱলত যে পৰিব সেয়া খাটাং হৈ পৰিছে।উল্লেখ‍্য‍ যে ২০১৩ চনত  কংগ্রেছ নেতৃত্বাধীন অসম চৰকাৰে আল্লিয়াৰ বনগাঁঁৱত 
নিৰ্মাণ কৰিছিল শ্মশানখন।পাগলাদিয়া নৈৰ খহনীয়াৰ ফলত নৈখন আহি শ্মশানখনৰ কাষ পোৱাত আল্লিয়া আঞ্চলিক ছাত্র সন্থা আৰু আল্লিয়াৰ বনগাঁঁওবাসী ৰাইজে বহুবাৰ  নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক বিষয়টো অৱগত কৰাৰ পিছতো বিধায়কগৰাকীয়ে কোনো পদক্ষেপ গ্রহণ নকৰা বুলি আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাসে ক্ষোভ প্রকাশ কৰে।

 

Your Comments