অখিল গগৈৰ মুক্তিৰ অৰ্থে আইনী সাহায্যৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে কংগ্ৰেছক ধন্যবাদ জনালে কৃষক মুক্তিয়ে

Akhil Gogoi

বিগত সাত মাহ ধৰি চৰকাৰৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কাৰাগাৰৰ বন্ধ কুঠৰীত আৱদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আদালতত আইনী সাহায্য  আগবঢ়োৱাৰ বাবে কংগ্ৰেছ দলে আগবঢ়োৱা ৰাজহুৱা প্ৰস্তাৱৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।সংগঠনটোৰ সভাপতি ৰাজু বৰা,ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই কয়-"কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ কংগ্ৰেছ দলৰ হৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আইনী সাহায্য প্ৰদান কৰাৰ যি প্ৰস্তাৱ প্ৰদান কৰিছে,তাৰ বাবে বিৰোধী দলপতি শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।"

গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিলসহ তেওঁৰ আন তিনিগৰাকী সতীৰ্থক কাৰামুক্ত কৰাৰ বাবে আইনী কাম-কাজসমূহ অধিবক্তা শান্তনু বৰঠাকুৰৰ উদ্যোগত জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী,জিয়াউৰ কামাৰকে ধৰি কিশোৰ কুমাৰ কলিতা,কৃষ্ণ গগৈ,ৰাহুল শেনচোৱা,মনোজ দেউৰী,বিনীতা বড়ো,দিগন্ত ৰাজখোৱা,ডিম্পুল চুতীয়া,দেৱজিৎ গগৈসহ এটা বৃহৎ অধিবক্তাৰ দলে চোৱাচিতা কৰি আছে।বিনা পাৰিশ্ৰমিকেৰে সকলো অধিবক্তাই যোৱা সাতমাহে আইনী যুঁজত অৱতীৰ্ণ হৈ কেইবাটাও গোচৰত ইতিমধ্যে জামিন মঞ্জুৰ কৰাবলৈ সক্ষম হৈছে।সংগঠনটোৱে লগতে কয়।

ইয়াৰ উপৰিও কাৰাবন্দী কৃষক নেতাসকলৰ মুক্তিৰ বাবে অসমৰ বহু ব্যক্তি,শুভাকাংক্ষী আৰু সমৰ্থকে আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে।যিহেতু বৰ্তমান অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতাসকলৰ আইনী যুঁজ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে,সেয়েহে এই সময়ত গোচৰৰ সৈতে জড়িত থকা অধিবক্তাসকলক লৈয়ে ন্যায়ালয়ত আইনী কাম-কাজসমূহ আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা হৈছে।যদি পৰৱৰ্তী সময়ত উচ্চ আৰু উচ্চতম ন্যায়ালয়ত বেলেগে আইনী যুঁজত আগবঢ়াৰ বিষয়ে সংগঠনে সিদ্ধান্ত লয়,তেন্তে আনুষ্ঠানিকভাৱে এই আহ্বান অসমবাসীক জনোৱা হ'ব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্ট কৰি দিয়ে।

Your Comments