ক'ৰ'নাত আক্রান্ত কাৰাৰূদ্ধ কৃষক নেতা বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ

Corona

*অখিল গগৈ আৰু মানস কোঁৱৰৰ ফলাফল আহিবলৈ বাকী- জেল কৰ্তৃপক্ষ*

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ক'ৰনা ভাইৰাছত আক্রান্ত দুই কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল।
এন্টিজেন টেষ্টত কাৰাৰুদ্ধ কৃষক নেতা দুজনৰ দেহত ক'ভিড-১৯ ভাইৰাছ থকাটো নিশ্চিত হয়।এই কথা জানিবলৈ দিছে গুৱাহাটী কাৰাগাৰৰ আইজিপি দশৰথ দাসে।

বুধবাৰে ৰাতি দুয়োজন কৃষক নেতাক কাৰাগাৰৰ পৰা উলিয়াই অনা হয়।

এটা সূত্ৰৰ খবৰ অনুসৰি ক'ৰ'নাত আক্রান্ত নেতা দুজনক প্ৰথমে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ অনা হয়।তাত বিছনা  খালি নোপোৱাত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ লৈ যায়।তাতো বিছনা খালি নোপোৱাত সোণাপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।ইয়াতো বিছনা খালি নাপাই পুনৰ খানাপাৰালৈ অনা হয়।খানাপাৰা ক'ভিড কেয়াৰ চেণ্টাৰত বিছনা খালি নথকাত বৰ্তমান পাণবজাৰৰ এটাঅস্থায়ী শিবিৰত ৰখা বুলি জানিব দিছে।বৰ্তমান সময়লৈকে নেতা দুজনৰ কোনো চিকিৎসা আৰম্ভ হোৱা নাই। 

উল্লেখ যে বিতু সৰুৰে পৰা হাপানী বেমাৰত আক্ৰান্ত।কাৰাগাৰত কৃষক নেতাকেইজন জ্বৰ-কাহ আৰু গা বিষত ভুগি আছিল।ন্যায়ালয়ৰ হস্তক্ষেপত ক'ৰ'না পৰীক্ষা কৰা হৈছিল।

গুৰুত্বপূৰ্ণ যে অন্য দুই কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ আৰু মানস কোঁৱৰৰ এন্টিজেন টেষ্টত ক'ভিড আক্রান্ত ধৰা পৰা নাই যদিও সাধাৰণ স্বোৱাব টেষ্টৰ ফলাফল আহিবলৈ বাকী থকা বুলি জেল কৰ্তৃপক্ষই জানিবলৈ দিছে।

উল্লেখ যে ইয়াৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দুজন কয়দীৰ দেহত ধৰা পৰিছিল ক'ৰ'না ভাইৰাছ।

Your Comments