অখিল গগৈৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে ডিজিটেল আন্দোলন

Akhil Gogoi

*"পুৱা ৯ বজাত ফেচবুক আৰু টুইটাৰৰ টাইমলাইনত লিখক গগৈৰ মুক্তি দাবী"-মানস ৰবীন*

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে ডিজিটেল আন্দোলনৰ আহ্বান।"পুৱা ৯ বজাত সমগ্ৰ ৰাজ্যবাসীয়ে সামাজিক মাধ্যমৰ ফেচবুক আৰু টুইটাৰত নিজৰ নিজৰ টাইমলাইনত লিখক #ReleaseAkhilGogoi আৰু #JusticeforAkhilGogoi"-এই আহ্বান শিল্পী মানস ৰবীনৰ।

"এই সময়ত আমি গৃহবন্দী হৈ আছোঁ,গতিকে ৰাজপথত তেওঁলোকৰ চিকিৎসা আৰু মুক্তিৰ বাবে আন্দোলন কৰাৰ পৰিৱেশ নাই,গতিকে সামাজিক মাধ্যমৰ জড়িয়তে আন্দোলন গঢ় দিব লাগিব"-শিল্পীগৰাকীয়ে কয়।

উল্লেখ যে বিগত ৭মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে গগৈ।মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 'নিয়া'ৰ হাতত বন্দী হৈ থকা কৃষক নেতাগৰাকীৰ স্বাস্থ্যৰো অধিক অৱনতি ঘটা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।প্ৰকাশ পাইছে বিতু সোণোৱালৰো স্বাস্থ্যৰ অৱনতি ঘটিছে।

Your Comments