ৰাজ্যত এটা দিনত ষষ্ঠগৰাকী ক'ৰ'না আক্রান্তৰ মৃত্যু:যোৰহাটত ১৯ বছৰীয়া যুৱতীৰ মৃত্যু

Corona

বুুুধবাৰে যোৰহাটত ক'ৰ'নাত আক্রান্ত এগৰাকী যুৱতীৰ মৃত্যু।মণিকা ভূমিজ নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীৰ সন্ধিয়া মৃত্যু হয় যোৰহাট মেডিকেল কলেজ হাস্পতালৰ আইচিইউত।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।শিৱসাগৰৰ পৰা চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰিছিল যুৱতীগৰাকীক।

উল্লেখ যে বুধবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হ'ল ষষ্ঠগৰাকী আক্রান্ত।দিনৰ ভাগত চাৰিজন ৰোগীৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছিল।ছফিকুল ৰহমান(৬০,হেদায়েৎয়পুৰ,গুৱাহাটী),ৰমনী মজুমদাৰ(৬০,পাটাচাৰকুচি,বৰপেটা),উৎপল কুমাৰ চলিহা(৭৫,কাহিলীপাৰা,গুৱাহাটী)হৰিপ্ৰসাদ মণ্ডল(৬৮,লালগণেশ গুৱাহাটী)।

তেজপুৰ মেডিকেল কলেজ হাস্পতালত জিতেন্দ্ৰ প্ৰসাদ(৩০) নামৰ মাজবাট ওদালগুৰিৰ আক্রান্তগৰাকীৰো মৃত্যু হৈছে।

আনহাতে বশিষ্ট বেচ হাস্পতালত মৃত্যু হৈছে এগৰাকী মহিলা আক্রান্ত।

Your Comments