অখিল গগৈসহ কাৰাৰুদ্ধ চাৰিওজন কৃষক নেতাৰ স্বোৱাব সংগ্ৰহ

Akhil Gogoi

*অখিল-বিতু কাহ-জ্বৰ আৰু গাৰ বিষয়ত আক্রান্ত*

 
আদালতৰ নিৰ্দেশৰ পিছতে কাৰাৰুদ্ধ কৃষক নেতাৰ স্বোৱাব সংগ্ৰহ স্বাস্থ্য বিভাগৰ।অখিল গগৈ,ধৈর্য কোঁৱৰ,বিতু সোণোৱাল,মানস কোঁৱৰৰ ক'ভিড-১৯ পৰীক্ষাৰ বাবে মঙলবাৰে সংগ্ৰহ কৰা হয় স্বোৱাব। 

উল্লেখ যে জ্বৰ,কাহ আৰু গাৰ বিষত অসুস্থ হৈ পৰা কৃষক নেতা অখিল গগৈৰ চিকিৎসাৰ উন্নত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে 'নিয়া'ৰ বিশেষ আদালতে যোৱা ২ জুলাইত নিৰ্দেশ জাৰি কৰিছিল।

মঙলবাৰে পুনৰ আদালতে কাৰাৰুদ্ধ নেতাকেইজনৰ ক'ৰ'না পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Your Comments