ৰাজ্যত ২১জনলৈ বৃদ্ধি ক'ৰ'নাত মৃত্যুৰ সংখ্যা:বিগত ১২ ঘন্টাত ৬ জনৰ মৃত্যু

Corona

কামৰূপ (মহানগৰ) জিলাত অধিক অৱনতি ঘটিছে ক'ৰ'না সংক্ৰমণৰ পৰিস্থিতিৰ।ভয়াৱহ গণ সংক্ৰমণৰ বাবে 'লকডাউন' চলি থকাৰ মাজতে বিগত ১২ঘণ্টাত মৃত্যু হৈছে ৬জনকৈ ক'ৰ'না ৰোগীৰ।

চাৰিজন ৰোগীৰ একেলগে মৃত্যু হোৱাৰ কথা টুইটাৰৰ জড়িয়তে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইচিইউত মৃত্যু হোৱা আক্রান্তকেইজন হৈছে ছফিকুল ৰহমান(৬০,হেদায়ৎপুৰ,গুৱাহাটী),ৰমনী মজুমদাৰ(৬০,পাটাচাৰকুছি,বৰপেটা),উৎপল কুমাৰ চলিহা(৭৫,কাহিলীপাৰা,গুৱাহাটী),হৰিপ্ৰসাদ মণ্ডল(৬৮,লালগণেশ,গুৱাহাটী)।

তেজপুৰ মেডিকেল কলেজ হাস্পতালত জিতেন্দ্ৰ প্ৰসাদ(৩০)নামৰ ওদালগুড়ি জিলাৰ মাজবাটৰ আক্রান্তগৰাকীৰো মৃত্যু হৈছে।

আনহাতে,বশিষ্ঠ বেচ হাস্পতালত মৃত্যু হৈছে এগৰাকী মহিলা আক্রান্তৰ।

Your Comments