নগাঁৱত ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি,নিষেধাজ্ঞা আৰোপ 

নগাঁও

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

নগাঁও জিলাত কিছুসংখ্যক ব্যক্তি, সংগঠন, ৰাজনৈতিক তথা অৰাজনৈতিক  সংগঠনে বিভিন্ন স্থানত অনুষ্ঠান অনুষ্ঠিত কৰা আৰু এই অনুষ্ঠান সমূহত বৰ্তমান চৰকাৰে বান্ধি দিয়া জনসমাগমৰ নিয়মাৱলী ভংগ কৰাটো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে। যাৰ ফলত এনে সমূহ কাৰ্য্যৰ দ্বাৰা ক'ভিড-১৯ বিয়পাৰ আশংকা আছে।সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ ৰাজহুৱা শান্তি- শৃংখলা,জনসাধাৰণৰ নিৰাপত্তা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ যাদৱ শইকীয়াই ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।এই অনুসৰি জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজন বা ততোধিক ব্যক্তি সমাগম হব নোৱাৰিব লগতে যিকোনো সামাজিক,সাংস্কৃতিক, ৰাজনৈতিক, ধাৰ্মিক, শৈক্ষিক,খেল আদি অনুষ্ঠানত জনসমাগম হ'ব নোৱাৰিব।যিকোনো ক'ভিড-১৯ হোৱা বা সন্দেহ হোৱা ব্যক্তিয়ে স্বাস্থ্য বিভাগে তথা জিলা প্ৰশাসনে জাৰি কৰা নিয়মাৱলী মানিব লাগিব আৰু সহযোগ কৰিব লাগিব।যিকোনো ব্যক্তিৰ শেষকৃত্যৰ ক্ষেত্ৰত ২০ জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব।এই আদেশ জিলাখনত তৎকালে বলবৎ হৈছে আৰু অমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ'ব।উল্লেখ্য যে নগাঁৱৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে বাধা আৰোপৰ নিৰ্দেশনা প্ৰদান কৰিছে।গুৱাহাটী মহানগৰীত ক'ভিড-১৯ পজিটিভ ব্যক্তিৰ সংখ্যা বৃদ্ধি হোৱাত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত জিলা প্ৰশাসনৰ।ইফালে,গুৱাহাটী ভ্ৰমণ কৰি অহাসকলে ১৪দিন হোম কোৱাৰেণ্টাইন থকাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।এই নিষেধাজ্ঞা নগাঁও জিলা জনসংযোগৰ দ্বাৰা প্ৰেৰিত প্ৰেছ বাৰ্তা নং- ৭২৩ জাননীৰ জৰিয়তে জানিব পৰা গৈছে ।

Your Comments