জৰাজীৰ্ণ হৈ পৰিছে পূব-নলবাৰীৰ বহু বাট-পথ:ৰাইজৰ যাতায়ত বিঘ্নিত

নলবাৰী

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
  

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপৰা বৰষুণৰ ফলত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ বহু বাট-পথ,দলং,কালভাৰ্ট জৰাজীৰ্ণ হৈ পৰিছে। বিশেষকৈ বাৰিষাৰ সময়ত প্ৰতিবছৰেই অঞ্চলটোৰ প্ৰায়বোৰ গ্ৰাম্য পথেই বিধ্বস্ত ৰূপ লয়।অঞ্চলটোৰ কেবাটাও গ্ৰাম্য  পথৰ  জৰাজীৰ্ণ ৰূপে ৰাইজৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি কৰিছে।পথসমূহৰ ওপৰত একাঠু বোকা- পানী জমা হৈ থকাত ৰাইজে অহা যোৱা কৰিব নোৱাৰা হৈছে।অঞ্চলটোৰ বালিতাৰা,চটাইবাৰী,আল্লিয়া,বালিপাৰা,ভিঠামহল,খাতিকুছি,সাগৰকুছি,আকনা,সঠামৌ,চত্ৰা,বাঘমাৰা,কঞাকুছি,কঞাজেনী,বৰজাৱৰিহাটী,আমৰা-ধনৰা,দতৰা,নামদোঙা,চতমা,দেহাৰকুছি,নিমু, তন্ত্ৰশংকৰা আদি গাৱঁ‌ৰ ভিতৰলৈ যোৱা পথকেইটা শোচনীয় হৈ পৰিছে।তেনেদৰে বালাজান-দীঘেলী পথৰ দুৰৱস্থায়ো যাতায়ত বিঘ্নিত কৰি তুলিছে।দীঘেলী বালাজানৰ ৰাইজে পথৰ দুৰৱস্থাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে।আনহাতে,সন্ধা,পাইকাৰকুছি , পোৰাকুছি,আহিনপুৰ,পৈচাৰা,চেনিকুছি আদি গাঁঁৱৰ ৰাইজে  সন্ধা-নলবাৰী পথৰ বাবে ভীষন সমস্যাৰ সন্মুখীন হৈছে।তেনেদৰে  পাইকাৰকুছি-কমাৰকুছি গড়কাপ্তানি পথটোৰ ঠায়ে ঠায়ে প্ৰকাাণ্ড গাঁঁতৰ সৃষ্টি হোৱাত যান -বাহন চলাচল কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে।তেনেদৰে,নলবাৰীৰ পৰা বালিলেছা হৈ কমাৰকুছিলৈ যোৱা পথটোও শোচনীয় হৈ পৰিছে।নলবাৰী সমষ্টিৰ পূব নলবাৰী অঞ্চলৰ কেবাটাও গ্ৰাম্য পথৰ ওপৰত দলং,কালৰ্ভাট নাই।ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক সময়ে সময়ে ৰাইজে বাট-পথৰ কথা অৱগতও কৰিছে‌।বিশেষকৈ সন্ধা- চত্ৰা পথটোৰ উন্নয়নৰ ওপৰত ৰাইজে দাবী জনাই আহিছে।পথৰ কাষেৰে পানী ওলাই যাব নোৱাৰাৰ বাবে গোটেই পথটোৰ ওপৰত একাঠু পানী ভৰি পৰিছে মুখ্য পথটোৰ ওপৰত এনেদৰে একাঠু পানী জমা হৈ থকাত ছাত্ৰ -ছাত্ৰীসকলৰ উপৰিও সাধাৰণ ৰাইজে যাতায়ত কৰিব নোৱাৰা হৈছে।স্থানীয় ৰাইজে উক্ত পথটো উন্নত কৰাৰ বাবে জিলা উপায়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই  অহাত পথটোৰ কাম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আগবাঢ়ি আহিছে।কিন্তু এতিয়ালৈকে পথৰ কাম আৰম্ভ হোৱা নাই । তেনেদৰে পূব নলবাৰী অঞ্চলৰ ধুৰকুছি গাঁঁওৰ ক্ষুদ্ৰ ধনৰা চুবুৰীটো একপ্ৰকাৰ জলবন্দী হৈ পৰে।চুবুৰীটোৰ ৰাইজে অহা-যোৱা কৰা পথটো প্ৰতি বছৰে  পানীৰ তলত বুৰ যায়।আনহাতে,শিলপোতাবৰীৰ পৰা দলৈ চুবুৰীলৈ যোৱা পথটো,শিলপোতাবৰীৰ পৰা জামৰ তল হৈ কালাভূত চুবুৰীলৈ যোৱা পথ,কলবাৰী চুবুৰীলৈ যোৱা পথ,গুৱাকুছি মোক্তাৱ চকৰ পৰা দত্ত চুবুৰীলৈ যোৱা পথকেইটাও একেবাৰে শোচনীয় হৈ পৰাত ৰাইজে যাতায়ত কৰিবলৈ নোৱাৰা হৈছে।ধনৰা,ধুৰকুছি,আমৰা , বৰধনৰা,থানপাতকুছি,চতমা আদি গাঁঁৱৰ গ্ৰাম্য পথকেইটাও একেবাৰে বিধ্বস্ত হৈ পৰাত   সাধাৰন ৰাইজে জীয়াতু ভুগিছে।চতমাৰ পৰা থানপাতকুছি হৈ বৰখালালৈ যোৱা পথটোও জৰাজীৰ্ণ হৈ পৰিছে।তেনেদৰে নামখালা,চমাৰকুছি,ননৈ,বজালী উদয়পুৰ ,  বড়িদতৰা,বালিলেছা ,বালাজান,পয়লা, পোৰাকুছি,আহিনপুৰ,বৰমুৰিকোনা,বালিকুছি আদিকে ধৰি প্ৰায়বোৰ গাঁঁৱৰ মাজেৰে যোৱা পথসমূহৰ দুৰৱস্থাই ৰাইজক যমৰ যাতনা ভুগাইছে।কুঁঁৱৰিকুছিৰ পৰা শিলপোতাবৰীলৈ যোৱা পথটোৰো এটা অংশ জৰাজীৰ্ন হৈ আছে।আনহাতে,বহু গ্ৰাম্য পথ পঞ্চায়তৰ জৰিয়তে নিৰ্মাণ কৰিছিল যদিও পথসমূহৰ কাম হোৱা নাছিল বুলিও অভিযোগ উঠিছে।ইফালে,পথৰ কাম এতিয়াও আধৰুৱা হৈ থকাৰ ফলতো ৰাইজে দুৰ্ভোগ ভুগিব লগাত পৰিছে।ইফালে,পাগলদিয়া নৈৰ দুয়োটা মথাউৰিৰে অহা-যোৱা কৰিবলৈ নোৱাৰা হৈছে।মথাউৰিকেইটা একেবাৰে যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।ৰাইজে দীৰ্ঘদিন ধৰি মথাউৰিসমূহ উন্নয়নৰ বাবে দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো কানসাৰ কৰা নাই।শেহতীয়াভাবে পূব-নলবাৰী অঞ্চলৰ সৰিয়হতলী,বতাহগিলা,নমাটী , বালিতাৰা আদিকে ধৰি ভালেমান গাঁঁৱৰ বাট পথ বানে বিধস্ত কৰি পেলাইছে।পানীৰ সোঁঁতে অঞ্চলটোৰ বহু পথ উটুৱাই নিছে।ইতিমধ্যে গ্ৰাঞ্চলটোত বহু পথ পঞ্চায়ত বা আন আন চৰকাৰী আঁ‌চনিৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ লৈছিল যদিও বহু পথ আজিও আধৰুৱা হৈ থকাৰ আভিযোগ উঠিছে।পাইকাৰকুছি-কমাৰকুছি পথৰ দলংখনৰ পৰা গুৱাকুছিলৈ যোৱা পথটিৰ মূৰতে একাংশ খহি যোৱাত গুৱাকুছি,কঠোৰা,কুঁ‌ৱৰীকুছি,বড়িগাঁঁও আদি গাৱঁ‌ৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । পথটোৰ নিৰ্মাণত সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে ভীষণ দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে।ইফালে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজাৱৰিহাটীস্থিত বৰম্বৈ বৰ পুখুৰী সংযোগী দলং আজিও পকীকৰণ নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে।ইফালে,নোনা নৈৰ ওপৰত ভিঠামহলৰ কলীয়া গোসাঁইৰ সমীপত আজিও বাঁহৰ দলঙৰে যাতায়ত-যোগাযোগ কৰি আহিছে বুলি চৰ্চিত হৈছে।ইফালে,সংশ্লিষ্ট পথ দীৰ্ঘদিন ধৰি গড়কাপ্তানি বিভাগ অথবা পঞ্চায়তৰ আওতাত নপৰাৰ ৰহস্য ক'ত বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Your Comments