নগাঁৱৰ কৃষ্ণাইখাটত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তিৰ

নগাঁও

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

ৰাজ্য চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰূদ্ধাচাৰণ কৰি দেওবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কৃষ্ণাইখাটৰ ৰাজপথ উত্তাল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। জিলা সমিতিৰ সাধাৰণ সম্পাদক জীতেন বৰাৰ নেতৃত্বত দেওবাৰে পুৱা একাংশ প্ৰতিবাদকাৰীয়ে কৃষ্ণাইখাটৰ ফ'ৰ লেন বাইপাছত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি 'অসম চৰকাৰ হায় হায়,বিজেপি হুঁচিয়াৰ,চন্দ্ৰমোহন পাটোৱাৰীৰ কাম নাই, চৰকাৰৰ ভূমিনীতি সলাবই লাগিব' আদি বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে।প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক জীতেন বৰাই কয় যে আমাৰ কৃষিভূমি সদায় সুৰক্ষিত হৈ থাকিব লাগিব । কৃষিভূমিত অনা-অসমীয়া ব্যৱসায়ীৰ দপদপনি চলিবলৈ দিয়া নহ'ব।কৃষিভূমিক কেতিয়াও অনা-কৃষিকাৰ্যত ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব।কৃষক মুক্তিৰ প্ৰতিজন সদস্যৰ শেষবিন্দু তেজ থকালৈকে ইয়াৰ বিৰূদ্ধে যুঁজ দি যাব ।

Your Comments