হাজো দামপুৰৰ এগৰাকী চিকিৎসক ক’ভিড পজিটিভ:হাজো সামূহিক চিকিৎসালয়ৰ নাৰ্ছ-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ক’ৰ'না আক্ৰান্ত    

Corona

মৃণাল ডেকা,শুৱালকুছি:   

শুকুৰবাৰে হাজো আৰক্ষী থানাৰ হাবিলদাৰসহ চাৰিজনকৈ আৰক্ষী জোৱান ক'ৰ'না আক্ৰান্ত হোৱাৰ খবৰে হাজোৰ লগতে আৰক্ষী থানা এলেকাৰ ৰাইজক শংকিত কৰি তুুলিছিল।এনে সময়তে দেওবাৰে পুনৰ হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ৰ জিএনএম নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰাত হাজো সমষ্টিত এতিয়া আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।ক'ৰ'না পজিটিভ দেহত ধৰা পৰা নাৰ্ছগৰাকী হৈছে পিংকী কুমাৰী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন হৈছে ধীৰেন চন্দ্ৰ হালৈ ।জানিব পৰা মতে যোৱা ২৯  জুনত হাজো বিষ্ণুৰাম মেধি সামুহিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক,নাৰ্ছসহ ৭০ গৰাকী কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।দেওবাৰে স্বাৱ টেষ্টত ওলোৱা ফলাফলত চিকিৎসালয়খনৰ পিংকী কুমাৰী আৰু ধীৰেন চন্দ্ৰ হালৈৰ  দেহত ক'ৰ'না পজিটিভ ধৰা পৰে।পিছত  স্বাস্থ্য বিভাগৰ লোকে দুয়োগৰাকী আক্ৰান্তক উত্তৰ গুয়াহাটীৰ্স্থিত' আইআইটি ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰে।ইফালে, শুৱালকুছিৰ লাহৰ জ্যোতিৰ্ময় দাস আৰু দামপুৰৰ ডাঃআবু চাহিদ আখতাৰৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰাত দুয়োজনকে শিঙিমাৰী ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰে।ইয়াৰে ডাঃ আখতাৰ বৰপেটাৰ কলগাছিয়াত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল।সম্প্ৰতি ইয়াক লৈ অঞ্চলটোত আতংকই বিৰাজ কৰিছে।
 

Your Comments