"অপ্ৰপচাৰত ভুল নাযাব,আমাক বিশ্বাস কৰক আৰু কভি'ড টেষ্ট কৰক,আপোনালোকক ভালকৈ ৰাখিম"-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

*আনুষ্ঠানিকভাৱে পেণ্ডেমিকত প্ৰৱেশ কৰিছে অসম-ড:শৰ্মা*

"প্ৰশাসনৰ সিদ্ধান্ত পলম হোৱা হ'লে মহানগৰীৰ পৰিৱেশ আৰু ভয়ংকৰ হ'লহেতেন।আনুষ্ঠানিকভাৱে অসম পেণ্ডেমিকত প্ৰৱেশ কৰিছে।ইয়াতকৈ বেয়া দিন দেখিব বাকী আছে"-এই মন্তব্য স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

গুৱাহাটীত ক'ৰ'নাৰ শেহতীয়া পৰিৱেশে স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে।যিসকল ব্যক্তিয়ে ক'ৰ'নাক লৈ অপ্ৰপ্ৰচাৰ চলাইছিল,তেওঁলোক গুৱাহাটীৰ আজিৰ পৰিৱেশৰ বাবে দায়ী বুলি উল্লেখ কৰি ড:শৰ্মাই কয়-"ক'ৰ'নাক লৈ টুলুঙা মন্তব্য কৰি থকাসকলে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইচিইউ চাই আহিব পাৰে।কিদৰে তিল-তিলকৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে।মানৱ সেৱাত সকলো বিসৰ্জন দিয়া লোকসকলক যিসকলে সমালোচনা কৰি আছে,সেইসকলৰ মূল উদ্দেশ্য ৰাজনৈতিক।"যিমানেই সমালোচনা কৰিব,ৰাইজৰ বাবে সিমানে দৃঢ়তাৰে কাম কৰি যাম বুলি তেওঁ লগতে কয়।

"চিকিৎসালয়,ক'ভিড কেয়াৰ চেণ্টাৰ আদি যিসকলে বেয়া বুলি অপ্ৰপ্ৰচাৰ কৰিছে,সেই প্ৰচাৰত কোনো ভুল নাযাব।ৰাইজে আমাক বিশ্বাস কৰক।আপোনালোক ওলাই আহক।টেষ্ট কৰক।ৰোগীৰ সংখ্যা বৃদ্ধি পালেও কথা নাই।ঘৰত থকাটো বিপদজনক।আপোনালোকক আমি ভালকৈ ৰাখিম"-মহানগৰীবাসীক আহ্বান জনাই এইদৰে কয় মন্ত্ৰী শৰ্মাই।

দিছপুৰৰ জনতা ভৱনত সম্বোধন কৰা সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে-"কামৰূপ মহানগৰ জিলাত সম্পূৰ্ণ হৈছে  ৮১,৯৭৯ জন লোকৰ টেষ্ট।বিগত দহ দিনত ভ্ৰমণ বৃত্তান্ত নথকা ২৭৪১ জন লোক জিলাখনত আক্রান্ত হৈছে।টেষ্টৰ প্ৰায় ৩০% পজিটিভ হৈছে।ক'ৰনা আক্রান্তৰ সংখ্যা দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিএমচিএইচত স্থাপন কৰা হৈছে প্লাজমা বেংক।ক'ৰ'নাৰ পৰা সুস্থ হৈ উঠা চিকিৎসক ডঃ লিথিকেশ ডিএছে দান কৰিছে প্লাজমা।

"জিএমচিএইচত ২৫ জন,এমএমচিএইচ ৫ জন,শিলচৰ মেডিকেল কলেজত ৫ জন, অসম চিকিৎসা মহাবিদ্যালয়ত ২জন,  যোৰহাট আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ১জনকৈ ক'ৰনা ৰোগী চিকিৎসাধীন হৈ আছে"-শৰ্মাই কয়।

ক'ভিড কেয়াৰ চেণ্টাৰসমূহত কোনো লক্ষণ নথকা ৰোগীসকলক ৰখা হৈছে।তেওঁলোকক কোনো ঔষধ দিয়া নহয়।চিকিৎসালয়সমূহত লক্ষণ থকা ৰোগী সকলক ৰখা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

যোৱা এটা সপ্তাহ লকডাউনৰ পিছত সোমবাৰৰ পৰা কামৰূপ(ম) জিলাত মুকলি হ'ব গ্ৰ'ছাৰী।সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯.৩০ বজাৰ পৰা ৪ বজালৈ গ্ৰ'ছাৰী দোকানসমূহ খোলা থাকিব।গতিকে,কোনো লোকে দোকানসমূহত যাতে ভীৰ নকৰে,তাৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

"আগন্তক সপ্তাহ লকডাউন গুৰুত্বসহকাৰে মানি চলিব লাগিব।বুধবাৰ-বৃহস্পতিবাৰে লকডাউন বৃদ্ধি হ'ব নহয় সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।অৰ্থনীতি আৰু জীৱনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্ত্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব"- তেওঁ লগতে কয়।

সংবাদ মেল সম্বোধন কৰালৈকে দিনটোত গুৱাহাটীত ১২৫জন লোকৰ দেহত ধৰা পৰিছে ক'ৰ'না।মুহূৰ্ততে ফলাফল লাভ কৰিব পৰাকৈ এন্টিজেন টেষ্ট আৰম্ভ কৰা হৈছে ৩১টা চেণ্টাৰত।আক্রান্তৰ সংখ্যা দ্ৰুত বৃদ্ধিৰ বাবে মহানগৰীৰ ব্যক্তিগত কিছু চিকিৎসালয় লোৱা হ'ব বুলি শৰ্মাই জানিবলৈ দিয়ে।          ক্ৰিটিকেল কেয়াৰ চিকিৎসালয় ইতিমধ্যে অধিগ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।

Your Comments