ছবি উদ্যোগত ক'ৰ'না সংকট:উপাৰ্জনৰ বাবে তামিল পৰিচালক আনন্দে খুলিলে গেলামালৰ দোকান

Director Anand

ক'ৰ'না মহামাৰীৰ বাবে দেশত ছবি উদ্যোগ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।ছবিগৃহ বন্ধ হৈ আছে,ছবিৰ চিত্ৰগ্ৰহণো বন্ধ হৈ আছে।উপাৰ্জন বন্ধ হৈ যোৱাত গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে এক বুজন সংখ্যক ছবি প্ৰযোজক,পৰিচালক,অভিনেতা,কলা-কুশলী,কণ্ঠশিল্পী।এনে পৰিস্থিতিত উপাৰ্জনৰ অন্য উৎস সন্ধান কৰিছে ছবি উদ্যোগৰ একাংশ লোকে।এই সময়তে তামিল ছবি উদ্যোগৰ এগৰাকী পৰিচিত পৰিচালক আনন্দে গ্ৰ'ছাৰী অথবা গেলামালৰ দোকান মুকলি কৰি বাতৰিৰ শিৰোনামালৈ আহিছে।বিগত ১০ বছৰৰ পৰা তামিল ছবি উদ্যোগত থকা আনন্দে চেন্নাইত গেলামালৰ দোকান মুকলি কৰিছে।তেওঁ কয়-'মই ভাবোঁ অহা বছৰলৈকে ছবি উদ্যোগৰ কাম-কাজ আৰম্ভ হোৱাৰ আশা নাই।উপাৰ্জনৰ বাবে গেলামালৰ দোকানেই খুলি লৈছোঁ।চিনেমাৰ কাম আৰম্ভ হোৱালৈকে দোকানতে থাকিম।"উল্লেখযোগ্য যে আনন্দ পৰিচালিত অন্তিম ছবি 'থুনিন্থু ছেই'ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে।দুটা গীতৰ কাম বাকী আছে।

Your Comments