কামৰূপ(ম) জিলাত ৫ জুলাইৰ পৰা লকডাউনৰ শিথিলতাসমূহ জানি লওঁক

Lockdown

*ৰাজ্যৰ মুখ্য সচিবে কি কি সেৱা মুকলি হ'ব বুলি ঘোষণা কৰিলে*


কামৰূপ(ম) জিলাত কাৰ্যকৰী হৈ থকা লকডাউনত কিছু শিথিলতা আহিব অহা ৫ জুলাইৰ পৰা।ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰিলে এই কথা।

এক নিৰ্দেশনাৰ জড়িয়তে প্ৰকাশ কৰা অনুসৰি ৫ জুলাইৰ পৰা ৮ জুলাইলৈ জিলাখনত মুকলি হ'ব ২০% গ্ৰ'ছাৰী দোকান।দেওবাৰ আৰু মঙলবাৰ (৫ আৰু ৭ জুলাই) দিনটোত গ্ৰ'ছাৰী ব্যৱসায়ীসকলে দোকানৰ সামগ্ৰীসমূহ  সংগ্ৰহ কৰিব লাগিব বিয়লি ৩ বজাৰ পৰা ৬ বজাৰ ভিতৰত।উক্ত সময়ত সাধাৰণ গ্ৰাহকৰ বাবে বিক্ৰী বন্ধ।

সাধাৰণ গ্ৰাহকৰ বাবে গ্ৰ'ছাৰী দোকান মুকলি কৰিব পাৰিব সোমবাৰ  আৰু বুধবাৰে (৬ আৰু ৮ জুলাইত)।দিনৰ ১১ বজাৰ পৰা আবেলি ৪ বজালৈ মুকলি কৰিব পাৰিব দোকান।

জিলাখনত ফলমূল আৰু শাক-পাচলি হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে।সোমবাৰ আৰু বুধবাৰে (৬-৮ জুলাইত)পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ হোম ডেলিভাৰী অনুমতি থাকিব।

মেডিকেল সমন্ধীয় ঔষধ-পাতি যোগান ধৰিব পাৰিব দিনৰ ৬ আৰু ৮ জুলাইত।দিনৰ ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ ইয়াৰ অনুমতি থাকিব।

পশু চিকিৎসালয়,পশু ঔষধৰ দোকানসমূহ ৬ আৰু ৮ জুলাইত দিনৰ ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ খুলিব পাৰিব।

ই-কমাৰ্চ ১০ জুলাই,শুকুৰবাৰে এদিনৰ বাবে মুকলি কৰিব পাৰিব।পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ অনুমতি থাকিব।

ডাকঘৰ আৰু ইঞ্চুৰেন্স ১০% কৰ্মচাৰীৰে মুকলি কৰিব পাৰিব।

নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি সামাজিক দূৰত্ব,হেণ্ড ছেনিটাইজাৰ,মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

উল্লেখ যে পদপথৰ ফলমূল,শাক-পাচলি আৰু মাছ-মাংসৰ দোকানসমূহ এই সময়ত মুকলি কৰিব নোৱাৰিব।

Your Comments