কৰ্মচাৰী ক'ৰ'না আক্ৰান্ত:গুৱাহাটীৰ ৰাজভৱন কণ্টেইমেণ্ট জ'ন ঘোষণা

ৰাজভৱন

গুৱাহাটীত অধিক ভয়ংকৰ হৈছে ক'ৰ'নাৰ গণ সংক্ৰমণ।প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে কামৰূপ(ম) জিলাত কভিড আক্রান্তৰ সংখ্যা।যোৱা ১৫ জুনৰ পৰা জিলাখনত ভ্ৰমণ বৃৃতান্ত নথকা ক'ৰ'না আক্রান্তৰ সংখ্যা দুহেজাৰৰ অধিক হৈছেগৈ।

কামৰূপ(ম) জিলা প্ৰশাসনে গুৱাহাটী ৰাজ্যপাল ভৱন অর্থাৎ ৰাজভৱনক কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।শেহতীয়াভাৱে  ৰাজভৱনৰ দুই কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল ক'ভিড।শুকুৰবাৰে কৰ্মচাৰী দুজনৰ দেহত ক'ভিড ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনে ৰাজভৱনৰ চৌহদ কণ্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে।

Covid 19

উল্লেখ যে ৰাজ্যপালেও শ্বোৱাব টেষ্ট কৰিছে।

Your Comments