"নতুন উদ্যোগ নীতিয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰে"-চন্দ্রমোহন পাটোৱাৰী

Chandra Mohon Patuwary

*ৰাজ্যৰ ২৪ লাখ নিবনুৱাৰ সংস্থাপনৰ বাবে এই অধ্যাদেশ জাৰি কৰা হৈছে*

"ৰাজ্যিক কেবিনেটৰ নতুন উদ্যোগ নীতিয়ে খিলঞ্জীয়া ভূমিৰ অধিকাৰ খৰ্ব নকৰে।কেবিনেটে জাৰি কৰা অধ্যাদেশত ২০১৫ চনৰ কৃষি আইনৰ সকলো নিয়ম বাহাল থাকিব।কৃষি ভূমি অ-কৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰিব"- এই মন্তব্য উদ্যোগমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ।"কেবিনেটৰ অধ্যাদেশক লৈ ৰাজ্যৰ জনতাৰ মনত কিছু প্ৰশ্নৰ উদয় হৈছিল।কৃষিভূমি উদ্যোগপতি-পুঁজিপতিসকলে ক্ৰয় কৰিব পাৰিব বুলি।ভালদৰে বুজি নোপোৱা বাবে সেই প্ৰশ্নৰ উদয় হোৱাটো  স্বাভাৱিক কথা"-তেওঁ লগতে কয়।

জনতা ভৱনত সম্বোধন কৰা সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয়-"বাহিৰৰ কোনো লোকে আহি ভূমি ক্ৰয় কৰিবলৈ নোৱাৰিব।মাটি পট্টা যিজনৰ নামত আছে,তেওঁহে স্থাপন কৰিব পাৰিব উদ্যোগ।মাটি নাথাকিলে স্থাপন কৰিবলৈ নোৱাৰিব উদ্যোগ।"

ক'ৰ'না ভাইৰাছৰ বাবে ৰাজ্যৰ বাহিৰত কৰ্মৰত প্ৰায় ৪ লাখ লোক অসমলৈ ঘূৰি আহিছে।অসমত চৰকাৰী হিচাপ অনুসৰি ২০লাখ নিবনুৱা আছে।গতিকে ২৪লাখ নিবনুৱাৰ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে অধ্যাদেশ।এই বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয়-"উদ্যোগ স্থাপনৰ বাবে তিনি বছৰলৈ কোনো বিভাগৰ অনুমতিৰ প্ৰয়োজন নহ'ব।উদ্যোগ নিৰ্মাণ কৰিবলৈ লোৱা ভূমিখিনি নিজৰ বুলি দাখিল কৰিব লাগিব শপতনামা।কেৱল মাত্ৰ অগ্নিনিৰ্বাপক বাহিনী আৰু বিদ্যুৎ বিভাগৰ অনুমতি ল'ব লাগিব।"তিনি বছৰৰ পিছত ছয় মাহ সময়ৰ ভিতৰত উদ্যোগটোৱে সকলো বিভাগৰ অনুমতি গ্ৰহণ কৰিব লাগিব  বুলি তেওঁ লগতে কয়।

"যিসকলৰ নিজৰ মাটি নাথাকিব,সেই সকলে ঔদ্যোগিক অঞ্চলত ল'ব লাগিব ভূমি।অতি ক্ষুদ্র,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে এই নীতি প্ৰযোজ্য হ'ব অৰ্থাৎ সৰ্বাধিক ৫০কোটি টকাৰ উদ্যোগৰ বাবে এই অধ্যাদেশ"-পাটোৱাৰীয়ে লগতে কয়।

জাতি-মাটি ভেটিৰ প্ৰতি বিজেপি চৰকাৰে আপোচ কৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়-"ৰাজ্যৰ কৃৃষিভূমি কৃষি কাৰ্যৰ বাবে ক্ৰয় কৰিব লাগিব।"

ট্ৰাইবেল বেল্ট আৰু ব্লক,জৈৱ বৈচিত্ৰৰ অঞ্চল, সত্ৰ-মন্দিৰ অঞ্চলত অধ্যাদেশ প্ৰযোজ্য নহ'ব বুলি স্পষ্টকৈ প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

Your Comments