লাডাখত হঠাৎ প্ৰধানমন্ত্ৰী মোডী:"গলৱান উপত্যকাৰ পৰাক্ৰমী শ্বহীদ জোৱানসকলৰ জয়গাঁথা দেশবাসীয়ে গাই আছে"

PM Modi

চীনৰ সৈতে সীমান্তত উত্তেজনা চলি থকাৰ মাজতে শুকুৰবাৰে হঠাতে লাডাখ ভ্ৰমণ কৰে।লাডাখৰ লেহত সৈনিকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গলৱান উপত্যকাত শ্বহীদ হোৱা ভাৰতীয় জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্বহীদ জোৱানসকলে প্ৰদৰ্শন কৰা অদম্য পৰাক্ৰমৰ বাবে দেশবাসীয়ে তেওঁলোকৰ জয়গাঁথা গাই আছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে।চীনৰ সেনাৰ সৈতে সীমান্তত যুঁজ দিয়া ১৪ কোৰৰ জোৱানসকলৰ শৌর্য্য গাঁথা ভাৰতৰ প্ৰতি ঘৰতে প্ৰতিধ্বনিত হৈছে;সমগ্ৰ বিশ্বই এই সাহসী সৈনিকসকলৰ পৰাক্ৰম দেখিছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে বক্তব্য প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে চীনৰ নাম নোলোৱাকৈ কমিউনিষ্ট দেশখনক বিশ্বশান্তিৰ বাবে ভাবুকি বুলি উল্লেখ কৰে।এতিয়া বিস্তাৰবাদৰ যুগ সমাপ্ত হোৱা বুলি প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ নাম নোলোৱাকৈ সকীয়নী প্ৰদান কৰে।প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰে বীৰত্বই শান্তিৰ পূৰ্বচৰ্ত।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আকস্মিক চীন ভ্ৰমণত সীমান্তৰ সৈনিকসকলৰ মাজত ব্যাপক উৎসাহ দেখা যায়।

Your Comments