অসাধু লোকৰ কাণ্ড:গুৱাহাটীত শাক-পাচলি,মাংস বিক্ৰী কৰা এম্বুলেন্স জব্দ

Ambulance

'লকডাউন'ৰ মাজতে গুৱাহাটীত বিক্ৰী কৰা হৈছে শাক-পাচলি,মাংস।জৰুৰীকালীন সেৱাৰ সুযোগ গ্ৰহণ কৰি এম্বুলেন্সৰ ভিতৰত শাক-পাচলি,কুকুৰা মাংস বিক্ৰী কৰিছে এচাম  অসাধু লোকে।দিছপুৰ আৰক্ষীয়ে ৰাইজৰ খবৰৰ ভিত্তিত জব্দ কৰিছে তেনে এখন এম্বুলেন্স।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দিছপুৰ হাস্পতালৰ বাইলেনত শাক-পাচলি বিক্ৰী কৰি থকা সময়ত জব্দ কৰিছে এম্বুলেন্সখন।জব্দ কৰা গাড়ীখনত আছে শাক-পাচলি,মাংস।

উল্লেখ যে আৰক্ষীৰ লোকক দেখা পাই  এম্বুলেন্সখন ঠাইতে এৰি পলায়ন কৰে বিক্ৰী কৰি থকা লোকসকলৰ লগতে ক্ৰয় কৰি থকাসকল।জব্দ কৰা গাড়ীখনৰ পৰা চালক আৰু মালিকৰ নাম নিশ্চিত কৰিছে দিছপুৰ আৰক্ষীয়ে।তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি আৰু গোচৰ ৰুজু কৰাৰ কথাও জানিবলৈ  দিয়ে দিছপুৰ আৰক্ষীয়ে।

পটল,ভাত কেৰেলা,জিকা,বেঙেনা,কুুকুৰা বিক্ৰী কৰি থকা এম্বুলেন্সখন ব্যক্তিগত কোনো মেডিকেলৰ নহয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে এএছ ০১ জেচি ৮৭১৮।

Your Comments