"বিজেপিৰ জাতি-মাটি-ভেঁটিৰ শ্লোগানক নতুন উদ্যোগ নীতিয়ে কবৰ দিব"-ৰিপুন বৰা

Ripiun Bora

*অসম চুক্তিৰ ৬নং দফা আখৰে-আখৰে পালন কৰাৰ মন্ত্ৰী হিমন্তৰ প্ৰতিশ্ৰুতি ক'ত গল*

*বিজেপিয়ে সংক্ৰমণ কৰিছে ক'ৰ'না ভাইৰাছ-বৰা*

"সৰ্বানন্দ সোণোৱাল কেবিনেটে গ্ৰহণ কৰা নতুন উদ্যোগ নীতিয়ে অসমৰ জাতি-মাটি-ভেঁটিক সৰ্বকালৰ বাবে কবৰ দিলে।অসমৰ স্থায়ী বাসিন্দা-খিলঞ্জীয়াৰ ওচৰত নাথাকিব ভূমিৰ অধিকাৰ"-বৃৃৃৃৃৃৃহস্পতিবাৰে গহপুুুৰত এখন সংবাদ মেল সম্বোধন কৰি এই        মন্তব্য কৰে প্ৰদেশ দেকংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ৰাজ্যিক কেবিনেটৰ নতুন উদ্যোগ নীতিক বিৰোধিতা কৰি বৰাই কয়-"ব্ৰিটিছৰ দিনৰ পৰা অসমত কাৰ্যকৰী হৈ থকা 'দ্য আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন এক্ট-১৮৮৬' ক নতুন উদ্যোগ নীতিয়ে নস্যাৎ কৰিব।অসমৰ কৃষিভূমি অ-কৃষি কৰ্মত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি এই আইনত উল্লেখ আছে।নতুন উদ্যোগ নীতিয়ে অসমৰ সকলো মাটিত,যাৰ যি মন যাব তাকে কৰাৰ সুবিধা দিব।ফলত বৃহৎ পুঁজিপতি-বণিক গোষ্ঠীয়ে য'তে মন যাব,তাতে  উদ্যোগ স্থাপন কৰিব পাৰিব।

"বৰ্তমান কোনো এটা উদ্যোগ স্থাপন কৰাৰ বাবে বিভিন্ন বিভাগৰ অনুমোদনৰ প্ৰয়োজন,কিন্তু নতুন উদ্যোগ নীতি অনুসৰি তিনিবছৰলৈ কাৰো সেউজ সংকেতৰ প্ৰয়োজন নহ'ব।অৰ্থাৎ য'তে-যাৰ মন যাব তাতে স্থাপন কৰিব পাৰিব উদ্যোগ।যাৰ পৰা অসমৰ জৈৱ বৈচিত্ৰ,পৰিৱেশ,সমাজৰ প্ৰতি আহিব চৰম ভাবুকি"-বৰাই লগতে কয়।

লকডাউনৰ সুযোগ লৈ জনতাক ঘৰত আৱদ্ধ কৰি অধ্যাদেশ যোগে নতুন উদ্যোগ নীতি ঘোষণা কৰিবলৈ ইমান জৰুৰী কি আছিল?বৰাই প্ৰশ্ন কৰি  কয়-"বিধানসভাত আলোচনা মৰ্মে কিয় ৰাজ্যপালৰ অনুমোদন লোৱা নহ'ল।জনতাৰ প্ৰতিবাদৰ ভয়ত লকডাউনৰ সুযোগ লৈ ইটোৰ পিছত সিটো জনবিৰোধী কাম কৰিছে সোণোৱাল চৰকাৰে।"

মন্ত্ৰী ডঃ।হিমন্ত বিশ্ব শৰ্মাই কৈ থকা অসম চুক্তি ৬নং দফা আখৰে আখৰে পালন কৰাৰ ঘোষণা ক'ত গ'ল বুলি উভতি ধৰি বৰাই কয়- "বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত কমিটীয়ে ৬নং দফাৰ প্ৰতিবেদন দিয়া চাৰি মাহ উকলি গ'ল,তাৰ পিছতো ব্যৱস্থা নোলোৱাৰ          প্ৰকৃত স্বৰূপ ইয়াতে লুকাই আছিল।"

এই ভয়ংকৰ সিদ্ধান্ত যদি চৰকাৰে বাতিল নকৰে,কংগ্ৰেছে গণতান্ত্ৰিক আন্দোলন কৰাৰো হুংকাৰ দিয়ে তেওঁ।

আনহাতে বিজেপিয়ে ক'ৰনা সংক্ৰমণ কৰি আছে বুলি উল্লেখ কৰি বৰাই কয়-"স্বাস্থ্য বিভাগৰ নির্দেশ ভংগ কৰিছে বিজেপি সভাপতি ৰঞ্জিত দাসে।শ্বোৱাব টেষ্টৰ ফলাফল নোপোৱাকৈ সংবাদমেল  পতাটো তেওঁৰ অপৰাধ নহয় নেকি?"

ক'ৰ'নাৰ বাবে ৰাইজক ঘৰত থাকিবলৈ কৈ তেওঁলোকে সাংগু-পাংগু  লগত লৈ জনসম্পৰ্ক ৰক্ষা কৰিবলৈ গ'লে ক'ৰনা সংক্ৰমণ নহ'ব বুলি প্ৰমাণ দিব পাৰিব নেকি-বৰাই কয়।

Your Comments