"নৱেম্বৰ মাহলৈকে দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকে ৫ কিলোগ্ৰামকৈ চাউল বা ঘেঁহু বিনামূলীয়াকৈ লাভ কৰিব"-প্ৰধানমন্ত্ৰী মোডী

প্ৰদানমন্ত্ৰী মোডী

ৰাষ্ট্ৰৰ উদ্দেশ্যে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ দৰিদ্ৰ জনতাক এটা গুৰুত্বপূৰ্ণ সকাহ দিয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে গৰীৱ কল্যাণ অন্ন যোজনাৰ ম্যাদ অহা নৱেম্বৰ মাহলৈকে বৃদ্ধি কৰে।এই যোজনাৰ অধীনত এতিয়া অহা নৱেম্বৰ মাহলৈকে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিক প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ চাউল অথবা ঘেঁহু প্ৰদান কৰা হ'ব।লগতে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক প্ৰতিমাহে ১ কিলোগ্ৰামকৈ দাইল প্ৰদান কৰা হ'ব।ইয়াৰ পৰা ৮০ কোটি লোক লাভান্বিত হ'ব।

Your Comments