ঘগ্ৰাপাৰৰ চটাইবাৰী-বালিতাৰাৰ বান পৰিস্থিতি পৰিদৰ্শন বিজেপি নেতা-কৰ্মীৰ

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সম্প্ৰতি নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চটাইবাৰী আৰু বালিতাৰা গাঁও পঞ্চায়তত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাত পঞ্চায়ত দুখনৰ ৰাইজৰ বিলৈ-বিপত্তিয়ে নধৰা হৈছে।এই বানে ইতিমধ্যে কালৰূপ ধাৰণ কৰি কৃষক সমাজৰ কৃষিভূমি,কঠিয়া নষ্ট কৰাৰ উপৰিও পুখুৰীৰ মাছ আৰু কেইবাঠাইত পথ ছিঙি পেলাইছে।ঠিক সেই সময়তে দেওবাৰে উক্ত অঞ্চল দুটাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰা আৰু খবৰ লোৱাৰ বাবে উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী,বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,চটাইবাৰী আৰু আল্লিয়া গাওঁ পঞ্চায়তৰ সভাপতি,আঞ্চলিক সদস্যাসহ এটা দল।লগতে,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ নেতৃত্বত উক্ত পঞ্চায়ত দুটাত পশুপালকৰ মাজত পশুখাদ‍্য বিতৰণ কৰে।বান সমস্যা সন্দৰ্ভত স্থানীয় ৰাইজৰ লগত মতবিনিময় কৰে।

Your Comments