চৰকাৰী নিৰ্দেশনালৈ বাট চাব নালাগে!ভাৰতীয় সেনাক প্ৰদান কৰা হ’ল এই স্বাধীনতা...

Indian Army

নিউজ  ডেস্ক:
শত্ৰুক পৰাভূত কৰিবলৈ ভাৰতীয় সেনাৰ শক্তি বৃদ্ধিৰ লগতে কিছুক্ষেত্ৰত স্বাধীনতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। চীনৰ সৈতে শেহতীয়া সংঘাত আৰু পাকিস্তানে সীমান্তত কৰা সঘন আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে সেনাক স্বতন্ত্ৰতা প্ৰদানৰ উদ্দেশ্য দেওবাৰে এক গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে  এতিয়াৰে পৰা সেনাৰ যাৱতীয় অস্ত্ৰ-শস্ত্ৰৰ লগতে যুদ্ধৰ সা-সজুলি ক্ৰয়ৰ বাবে ৫০০কোটি টকা পৰ্যন্ত পৰিযোজনাৰ বাবে সেনাই চৰকাৰৰ পৰা লব নালাগে কোনো অনুমোদন। কেন্দ্ৰই এই স্বাধীনতা ভাৰতৰ  সামৰিক বাহিনী স্থল, বায়ু আৰু নৌসেনা প্ৰদান কৰিছে। কেন্দ্ৰই সেনাক প্ৰদান কৰা এই বিত্তীয় স্বাধীনতা সীমান্তৰ বিভিন্ন কামত সহায়ক হ’ব বুলি চৰ্চা হৈছে।উল্লেখ্য যে প্ৰায় ৪৫বছৰ মূৰত ভাৰত-চীনৰ মাজত এনে এক সংঘাতৰ পৰিস্থিতি সৃষ্টি হৈছিল। ভাৰত-চীনৰ এই সংঘাতে দুয়োখন দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ লগতে বিশ্ব ৰাজনীতিতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Your Comments