লাডাখ সীমান্তত অধিক ক্ষতি হৈছিল চীনৰ:ভাৰতীয় সেনাই নিধন কৰিছিল ৫০ জন চীনা সৈন্যক

Ladakh

গণতন্ত্ৰ বিৰোধী আৰু বিশ্বাসঘাটক চীনৰ সেনাৰ ওপৰত যোৱা ১৫ জুনত ভয়ংকৰ প্ৰতিশোধ লৈছিল ভাৰতীয় সেনাই।শেহতীয়াকৈ অহা নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ মতে ১৫ জুনৰ নিশা চীনা সৈন্যই পূব লাডাখৰ গলৱান উপত্যকাত ১৬ বিহাৰ ৰেজিমেণ্টৰ কমাণ্ডিং বিষয়া কৰ্ণেল সন্তোষ বাবু আৰু কেইজনমান সৈন্যক বিশ্বাসঘাটকতাৰে হত্যা কৰাৰ পিছত ভাৰতীয় সেনাই যথোচিত প্ৰত্যুত্তৰ দিছিল।১৬ বিহাৰ  ৰেজিমেণ্টৰ সেনাই হতাহতি যুদ্ধত ৪৫-৫০ জন চীনৰ সৈনিকক নিধন কৰিছিল।চীনৰ বহু জোৱানৰ আনকি ডিঙি ভাঙি পেলাইছিল বিহাৰ ৰেজিমেণ্টৰ জোৱানে।এইদৰে ভাৰতৰ ২০ জন জোৱান শ্বহীদ হোৱাৰ চীন চৰকাৰক কঁপাই তোলা ভয়ংকৰ প্ৰতিশোধ লৈছিল ভাৰতীয় সৈনিকসকলে।এনেদৰে,ভাৰতৰ সেনাতকৈ বহু অধিক ক্ষতি হৈছিল চীনৰ।

Your Comments