হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল সম্পূৰ্নকৈ জানক

Haimadrasa

নিউজ ডেস্ক :

আজি ঘোষণা কৰা হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে বৰপেটা চহৰৰ সমীপৰ ধকুৱাৰ ইয়ামিন আলীয়ে ৷খেতি আৰু পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কৰম আলীৰ দ্বিতীয় সন্তান ইয়ামিন আলী।মেধাৱী ইয়ামিনে লাভ কৰিলে সৰ্বমুঠ ৫৫৮ নম্বৰ।উল্লেখ্য যে "ভবিষ্যতে য়ামিনে এগৰাকী ভাল ব্যক্তি হৈ সমাজকৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে  বুলি মত ব্যক্ত কৰে।উল্লেখ্য যে আজি ফলাফল ঘোষণা কৰা অসম হাই মাদ্ৰাছাত মুঠ ৯৩৪৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৭১২ গৰাকী পৰীক্ষাৰ্থী।
দ্বিতীয় বিভাগত ২৬৩৯ গৰাকী আৰু তৃতীয় বিভাগত ২৬০০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।সৰ্বমুঠ ৫৯৫১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ। ইয়াৰে ৬৫.২৫% শতাংশ ছাত্ৰ আৰু ৬২.৬২% শতাংশ ছাত্ৰী।

Your Comments