"বিজেপিৰ ছিণ্ডিকেট-দুৰ্নীতি হ'ব '২১ৰ বাবে কংগ্ৰেছৰ প্ৰধান ইছ্যু"-ৰিপুন বৰা

Ripun Bora

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল।সংবাদ মেলত দিহিং পাটকাইত কয়লাৰ মুক্ত খনন বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বৰাৰ।তেওঁ কয়-"বিজেপি চৰকাৰৰ নেতৃত্বত বন ধ্বংসযজ্ঞ চলিছে ৰাজ্যত।নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ পৰিৱেশ সংৰক্ষণৰ কথা কোৱা চৰকাৰে বিপৰীত দিশত অৱস্থান কৰিছে।"

"দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱাক ধ্বংস কৰি কয়লা আৰু হাইড্ৰ'কাৰ্বনৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰাত প্ৰথম জগৰীয়া ৰাজ্যৰ সোণোৱাল চৰকাৰখন।ৰাজ্যিক বন্যপ্ৰাণী ব'ৰ্ডে ভাৰত চৰকাৰক সঁহাৰি দিয়াৰ বাবে বনাঞ্চল দুখনত মুক্ত খননৰ অনুমতি দিব পাৰিছে কেন্দ্ৰই"-বৰাই কয়।

মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যৰ জনতাক বুৰ্বক সজাবলৈ বিচাৰিছে।এই গুৰুতৰ অভিযোগ তুলি সভাপতিগৰাকীয়ে কয়-"নিজে খননৰ অনুমতি প্ৰদান কৰি আকৌ বনমন্ত্ৰী গৰাকীক  পৰ্যযবেক্ষণ কৰাৰ বাবে নির্দেশ দিছে।"
 

চালেকি বনাঞ্চল দিহিং পাটকাইৰে এটা অংশ,সেই অংশটোত কয়লা খননৰ অনুমতি প্ৰদান কৰিলে দিহিং পাটকাইৰ বাবে সংকট আহিব।এই কাৰ্য বন্ধ কৰাৰ বাবে কংগ্ৰেছে কম দিনৰ ভিতৰতে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব।ৰাইজৰ ঘৰে ঘৰে বিষয়টো লৈ যোৱা হ'ব বুলি সভাপতি বৰাই কয়।

ইফালে,এই  সিদ্ধান্ত বাতিল কৰাৰ বাবে ৰাজ্যপালৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ   দুুুই-এদিনতে পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছ দলে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে '২১ৰ নিৰ্বাচনৰ বাবে ৰিপ'ৰ্ট কাৰ্ড বিচাৰি থাকক।আগন্তক দিনত বিজেপিৰ ছিণ্ডিকেট -দুৰ্নীতি কংগ্ৰেছৰ বাবে প্ৰধান ইছ্যু হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে,বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কংগ্ৰেছ কর্মীসকলে বৃক্ষ ৰোপন কৰে বুলি  প্ৰকাশ কৰে বৰাই।

গুৰুত্বপূৰ্ণ যে কোৱাৰেণ্টাইন যোৱা বৃহস্পতিবাৰে শেষ হৈছিল বৰাৰ।তাৰ পিছতে শুকুৰবাৰে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে।

Your Comments