নগাঁৱত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি:শূন্যলৈ গুলী চালনা আৰক্ষীৰ,এজন আটক

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও চহৰৰ আমিনপট্টিত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।যাৰ বাবে আৰক্ষীয়ে  শূূূন্যলৈ গুলী ফুটোৱাৰ উপৰিও লাঠী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।জানিব পৰা মতে,নগাঁও চহৰৰ আমিনপট্টিৰ ইমদাদ আহমেদ(২৩) নামৰ যুৱকজন সোমবাৰে    গধূলি নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছত ঘৰলৈ ঘূৰি অহা নাছিল।মঙলবাৰে পুৱা যুৱকজনৰ মৃত্যুৰ সংবাদ পৰিয়ালে আৰক্ষীৰ পৰা লাভ কৰে।যুৱকজনৰ মাতৃয়ে চিকিৎসালয়লৈ গৈ ইমদাদৰ মৃতদেহ চিনাক্ত কৰে।আৰক্ষীয়ে পৰিয়ালক জনোৱা মতে, নিশা যুৱকজনক নগাঁও চহৰৰ ইটাচালিত অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰি দুজন লোকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নি ভৰ্তি কৰিছিল। নিশাই যুৱকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।যুৱকজনক হত্যাৰ সন্দেহত মাতৃয়ে মঙলবাৰে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।মাতৃগৰাকীৰ মতে, ইমদাদে মঙলবাৰে সন্ধিয়াৰ পিছতে সাজি -কাচি আমিনপট্টি অঞ্চলৰ ইমৰ'জ হুছেইন নামৰ লগৰীয়া এজনৰ লগত ঘৰৰ পৰা ওলাই গৈছিল।উক্ত যুৱকজনৰ লগত কেইমাহমান পূৰ্বে ইমদাদৰ সংঘাত হৈছিল আৰু পিছত যুৱকজনে ক্ষমা খুজি সংঘাতৰ ওৰ পেলাইছিল।মঙলবাৰে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়ে।মৃতদেহটো ইমদাদৰ ঘৰ পোৱাৰ লগে লগে স্থানীয় একাংশ লোকে যুৱকজনৰ মৃত্যুৰ আঁৰত ইমৰ'জ হুছেইনৰ হাত আছে বুলি  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ইমৰ'জক কঠোৰ শাস্তি বিহাৰ দাবীত বিভিন্ন শ্লোগান দি পৰিস্থিতি জটিল কৰি তোলে। শউত্তেজিত লোকে ইমৰ'জৰ বাসভৱনলৈ শিলগুটি,ইটা আদি নিক্ষেপ কৰে। এই খবৰ লাভ কৰি ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায়।ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে উত্তেজিত লোকে আৰক্ষীৰ গালৈ শিলগুটি আৰু ইটা নিক্ষেপ কৰে। পৰিস্থিতিৰ অধিক অৱনতি ঘটাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে মৃদু লাঠী চালনা কৰে।ফলত উত্তেজিত জনতা সেই স্থানৰ পৰা আঁতৰি যায়।আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ইমৰ'জ হুছেইনক আটক কৰি শোধ-পোছ কৰি আছে।বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও আৰক্ষীয়ে অঞ্চলটোত চোকা পহৰাৰ ব্যৱস্থা কৰিছে।স্থানীয় লোকে যুৱকজনৰ এনে মৃত্যুৰ উপযুক্ত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।


ৱাহিদুদ জামান (নগাঁও) 

Your Comments