ৰাজ্যত বিউটী পাৰ্লাৰ-চেলুন খোলাৰ অনুমতি 

Pic

ৰাজ্যত মঙলবাৰৰ পৰা বিউটী পাৰ্লাৰ-চেলুন খোলাৰ অনুমতি প্ৰশাসনৰ।হেণ্ড গ্লোভচ,মাস্ক পিন্ধি সামাজিক দূৰত্ব মানি চলি মুকলি কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।ঘনে-ঘনে পাৰ্লাৰ আৰু চেলুনসমূহত ছেনিটাইজ কৰি থাকিব লাগিব।

ইয়াৰ উপৰিও মঙলবাৰৰ পৰা ৰাজ্যত ৰাজহুৱা স্থানত প্ৰাত:ভ্ৰমণ,ব্যায়াম আৰু যোগাভ্যাস কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।একেদৰে ৰাজহুৱা স্থানত চলচ্চিত্ৰ-ধাৰাবাহিক   শ্বুটীঙৰ অনুমতি দিয়া হৈছে।

উল্লেখ যে যোৱা ২৪ মার্চৰ পৰা বন্ধ হৈ আছিল এইসমূহ ব্যৱস্থা।

Your Comments