ভাল খবৰ:আৰোগ্য হ'ল দেশৰ ৪০ শতাংশ ক'ৰ'না ৰোগী

Pic

দেশত ক'ৰ'না সংক্ৰমণৰ ঘটনা দিনক-দিনে বৃদ্ধি পাই অহাৰ সময়তে আহিছে এটা ভাল খবৰ।দেশত ক'ৰ'না আক্ৰান্তৰ আৰোগ্য হোৱাৰ হাৰ সন্তোষজনক  বিবেচিত হৈছে।মঙলবাৰৰ  দেশৰ ক'ৰ'না আক্ৰান্ত ১লাখ ১ হাজাৰ ১৩৯ গৰাকী লোকৰ ভিতৰৰ ৩৯ হাজাৰ ১৭৪ গৰাকী লোক আৰোগ্য হৈছে।অৰ্থাৎ প্ৰায় ৪০শতাংশ লোক আৰোগ্য হৈছে।আনহাতে,মৃত্যুৰ হাৰো কম হিচাপেই চিহ্নিত হৈছে।মঙলবাৰৰ পুৱালৈকে ৩ হাজাৰ ১৬৩ গৰাকী লোকৰ মৃত্যু হৈছে।অৰ্থাৎ মৃত্যুৰ হাৰ ৩ শতাংশ।

Your Comments