বিপদৰ ঘণ্টা! ক'ৰোনাৰ পাছত এইবাৰ "আম্ফান"ক লৈ শংকা

Aamphan

নিউজ ডেস্ক :
এফালে  ক'ৰোনাৰ প্ৰকোপত ত্ৰস্তমান দেশবাসী আনফালে দেশৰ ভিন্ন প্ৰান্তত খুন্দা মাৰিলেহি সাগৰীয় ঘূর্ণীবতাহ আম্ফানে।বতৰ বিজ্ঞান কেন্দ্ৰই জাৰী কৰা এক নিৰ্দেশনা অনুসৰি শীৰ্ঘেই দেশৰ আঠখন ৰাজ্যত আম্ফন নামৰ এক বিধ্বংসী ঘূৰ্ণিবতাহে খুন্দা মাৰিব। আন্দামান-নিকোবৰ দ্বিপপুঞ্জকে ধৰি উৰিষ্যা, পশ্চিম বংগ,অন্ধ্ৰপ্ৰদেশত এই ধুমুহাৰ প্ৰবলতা অধিক হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ,উত্তৰাখণ্ড তথা পাঞ্জাৱ হাৰিয়ানা আদি ৰাজ্য সমূহত বতৰৰ পৰিবৰ্তন হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।ইতিমধ্যে আম্ফানৰ প্ৰভাৱত উৰিষ্যাত প্ৰচণ্ড বৃষ্টিপাত আৰম্ভ হৈছে।ইয়াৰ বিপৰীতে সোমবাৰে দুপৰীয়াৰ ভাগত পশ্চিম বংগত খুন্দা মাৰে আম্ফানে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ঘণ্টাত প্ৰায় ২০০কি:মি বেগেৰে বতাহ বলাৰ উপৰিও প্ৰচণ্ড বৰষুণৰ সৈতে আম্ফানে পশ্চিম বংগত খুন্দা মাৰে।উল্লেখ্য যে ১৯৯৯চনতে প্ৰথমবাৰলৈ পশ্চিমবংগত এনেধৰনৰ ঘূৰ্ণীবতাহে খুন্দা মাৰিছিল।কিন্তু সেই ঘূৰ্ণীবতাহে উৰিষ্যাত হে ধ্বংসলীলা চলাইছিল ,য'ত প্ৰায় ৯০০০লোক মৃত্যুমুখত পৰাৰ বিপৰীতেও যথেষ্ট সা-সম্পত্তি ধ্বংস হৈছিল। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে অনুমান কৰা মতে বুধবাৰলৈ আম্ফানে পশ্চিম বংগৰ দীঘাৰ  মাজেৰে পাৰ হৈ বাংলাদেশত খুন্দা মাৰিব। ইফালে এই ঘূর্ণীবতাহৰ ফলত অসমতো অহা বুধবাৰ আৰু বৃহস্পতিবাৰে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যেই ৰাজ্যিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানে ঘোষণা কৰিছে।

Your Comments