টুইটাৰযোগে নৰেন্দ্ৰ মোডীক ধন্যবাদ জনালে বিল গেইছে,কিন্তু কিয় ?

Bill gates

নিউজ ডেস্ক :
দেশত ক'ৰোনাৰ সন্ত্ৰাস।ক'ৰোনাৰ সন্ত্ৰাসৰ বাবে বিপাঙত চৰকাৰ।তাৰ মাজতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ বিভিন্ন মহলৰ সৈতে  ক'ৰোনাৰ লগত মোকাবিলা কৰাৰ সন্দৰ্ভত চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।তাৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে মাইক্ৰ'ছফটৰ সংস্থাপক বিল গেইটছ সৈতেও ভিডিঅ' কনফাৰেঞ্ছৰ জৰিয়তে ক'ৰোনা সন্দৰ্ভত চৰ্চা কৰে। ইয়াৰ পাছতেই শুক্ৰবাৰে মাইক্ৰ'ছফটৰ সংস্থাপকগৰাকীয়ে টুইটাৰযোগে এনেধৰনৰ গুৰুত্বপূৰ্ণ চৰ্চাৰ বাবে নৰেন্দ্ৰ মোডীক ধন্যবাদ জনোৱাৰ উপৰিও ক'ৰোনাৰ বিৰুদ্ধে ভাৰতবৰ্ষই গ্ৰহণ কৰা পদক্ষেপসমূহৰো প্ৰশংসা কৰে।উলেখ্য যে বিল গেইচৰ "গেইটচ ফাউণ্ডেচনে" ইতিমধ্যে  ভাৰতৰ কেইবাখনো ৰাজ্যৰ দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াইছে।

Your Comments