পুনৰ ক'ৰোনাত আক্ৰান্ত এম্বুলেন্সৰ চালক সহ ৰাজ্যৰ চাৰি লোক

Hbs

নিউজ ডেস্ক :
ৰাজ্যত পুনৰ তিনিজন ব্যক্তিৰ দেহত ধৰা পৰিছে  মাৰাত্মক কোভিড-১৯।যোৰহাটৰ তিনিজন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ।কিছু সময় পূৰ্বে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মুম্বাইৰ পৰা এম্বুলেন্সত আহিছিল এই তিনিজন ব্যক্তি।তাৰে এজন আছিল এম্বুলেন্সৰ চালক।উল্লেখ্য যে ড্ৰাইভাৰ জনক মুম্বাইলৈ উভতাই পঠিওৱাৰ বিপৰীতে বাকী দুজন আক্রান্তক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।এই কথাও উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ যে ৰাজ্যত এই পর্যন্ত আক্রান্ত সংখ্যা ৬২ জনলৈ বৃদ্ধি পালে।

Your Comments