ইজৰাইলত ক'ৰ'না ধ্বংস কৰিব পৰা এন্টিবডী প্ৰস্তুতৰ দাবী

Pic

মহামাৰী ক'ৰ'নাৰ আতংকৰ মাজতে ইজৰাইলৰ পৰা আহিছে এটা ভাল খবৰ।দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী  নাফটালী বেণেতে দাবী কৰা অনুসৰি 'ইজৰাইল ইনষ্টিটিউট অব বায়'ল'জিকেল ৰিছাৰ্চ' চমুকৈ (IIBR)-এ আৱিষ্কাৰ কৰিছে বিশ্বত্ৰাস ক'ৰ'নাক প্ৰতিৰোধ কৰিব পৰা এন্টিবডী।"মানৱ দেহত প্ৰৱেশ কৰা ক'ৰনা ভাইৰাছৰ আক্ৰমণ কৰি তাক নিষ্ক্ৰিয় কৰিব পৰা এন্টিবডী প্ৰস্তুত কৰা হৈছে আইআইবিআৰত"-এইদৰে ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখ যে মন্ত্ৰীগৰাকীয়ে সোমবাৰে ভ্ৰমণ কৰিছিল দেশখনৰ সেই বিশেষ লেবটো।

Your Comments