চিন্তাৰ আঁক-বাক

March

বিমল বৰা :
মাৰ্চ মাহৰ প্ৰথমটো পুৱা মৰমৰ জুবিনদাৰ স্বাস্থ্য ভালহৈ অহাৰ খবৰটোৰে আৰম্ভ কৰিলো। 'জুবিন দাক অলপ জিৰণীৰ প্ৰয়োজন' বুলি টেগলাইন দিয়া কেইজনে হস্পিতালত গৈ চেল্‌ফি কিয় উঠিছিল তাত প্ৰশ্নবোধকটো মোৰ ফালৰ পৰা উপহাৰ হিচাপে দিলো। গোবৰৰ উপকাৰিতা জানি উপাইবিহীন আনন্দ পালো। মোদীজীয়ে WhatsApp এৰি দিয়াৰ পিছত এতিয়া ভাৱিছো, দিনটোত মাত্ৰ ১০০ মেছেজেৰে আকৌ চলিব লগা দিনটো আহি যাব নেকি ! কিছু দিনৰ পৰা যে চীনৰ মানুহ বিপদত পৰোতেও গুৰুত্ব দিয়া নাছিলো,আমাৰ নিজৰ মাজতে দৌৰাদৌৰি লাগোতেহে কৰ'নাৰ ভয় অনুভৱ হ'ল। ঔষধবিহীন মহামাৰীৰ বিষয়ে প্ৰায় সকলোৱে পাৰ্গত হৈ গ'লো মানে লগৰবোৰে যিমান জানে মইও সিমান জানো। অলপ কিছু ট্ৰল কৰাত যোগ দিলো। নিজৰ বাহিৰে পৃথিৱীৰ সকলোকে সাৱধানতা ল'বলৈ ক'লো। কৰ'না খেদাবলৈ কেণ্ডেল মাৰ্ছৰ পৰা  গোমূত্ৰ লৈ কিম্বা কোৰ'না শব্দৰ ভাঙনি- ক মানে কোৰাণ, ৰ মানে ৰোজা আৰু না মানে নামাজৰ পৰা কুৰুক্ষেত্ৰৰ নাৰায়ণী অস্ত্ৰ সম্বৰণলৈ ৰাজহুৱা বাখ্যাবোৰো হজম কৰি গ'লো। সপোনৰ দেশ ইটালীৰ বিষাদত কিছু দুখী হ'লো, মাথো এটা প্ৰশ্ন বাৰে বাৰে বাজিল, যে আমাৰ দেশত কৰ'না কেনেকৈ প্ৰতিৰোধ হ'ব। মাজতে
বলৎকাৰীৰ ধৰ্ম বিচাৰ কৰা আমাৰ পণ্ডিত সকলৰ মূখত মাননীয় চুপ্ৰিম ক'ৰ্টে দিয়া চৰটো প্ৰশংসা নকৰি নোৱাৰিলো। ক'ব বিচাৰিছো পলমকৈ হ'লেও নিৰ্ভয়া কাণ্ডৰ বিচাৰ সিদ্ধান্তই সুখী কৰিলে।
এইবোৰৰ মাজতে কোনোবা ভক্তৰ চিৎকাৰ, তেওঁক হেনো কৰ'না নালাগে কা লাগে। বাটে পথে পালে এচাম ৰাইজে নিশ্চয় এখেতৰ আবদাৰৰ প্ৰতি গুৰুত্ব দিব।
সমূহীয়া স্বাৰ্থৰ প্ৰতি লক্ষ্যৰাখি দেশত ঘোষণা হ'ল ৩১ মাৰ্চলৈকে লক ডাউন। এনেধৰণৰ কিবা ব্যৱস্থা এটাও যে আছে এইটো জনমতে গম পালো। ৰাইজে প্ৰয়োজন অনুসৰি যাৱতীয় সামগ্ৰী গোটালে। এচামে আইনভঙাৰ হেপাহত পুনৰ আহিল ৰাজপথলৈ। সমূহীয়া স্বাৰ্থৰ খাতিৰত অসম পুলিচক দিয়া হ'ল টিকাকৰণৰ সম্পূৰ্ণ অৱকাশ। আমাৰ এচাম অধমে পুলিচে লোৱা বাধ্যতামূলক সিদ্ধান্তকে সমালোচনা কৰিলে। পিছে হে মহান সমালোচক সকল, পুলিচে কাৰো ঘৰত সোমায় অত্যাচাৰ কৰা নাই নিশ্চয়। আৰু উলুৰ লগত বগৰী পোৰা যোৱাটো সাধাৰণ কথা। অন্ততঃ অজুহাত দেখুওৱাৰ পৰা কিছু বিৰত থাকিব নোৱাৰোনে! ঘৰত থাকিবলৈ দিয়া হৈছে, আৰু এচামে সেইটোক কাম বুলি ভাৱিছে। মুঠতে গাত বল থাকক বা নাথাকক উভতনি সোঁতত যাব লাগে। লকডাউন ১৪এপ্ৰিললৈকে ইতিমধ্যে দেশজুৰি লাগু কৰা হৈ গ'ল। ৰাইজক জাগ্ৰত কৰাৰ নামত 'জিন্দাবাদ' শব্দটো জোৰকৈ ক'ব পৰা আৰু ঘৰৰ পৰা ৰাজবাটলৈ হোৱাই নোহোৱাই মানুহ বুটলি অনা অসমৰ এচাম সমাজকৰ্মী হঠাতে নোহোৱা হৈ গ'ল।
ইফালে মাৰ্চৰ মাহ বুলি হেতাওপৰা লগোৱা মানুহখিনি শুই পৰিছে। সমূহীয়া মংগলক অগ্ৰাধিকাৰ দিয়াত কৰ্মস্থল স্থৱিৰ হৈ গৈছে। কৰ'নাৰ আক্ৰমন শেষ হোৱাৰ পাছৰ অৱস্থাটো ভাৱিহে শংকিত হৈ পৰিছো। তথাপি এটি সুস্থিৰ অৱস্থাৰ আশাৰে মাৰ্চ মাহটো বিদায় দিলো।

Your Comments