দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া স্নুকাৰ অভিনৱ মহন্ত অৰ্থ-সংকটত

Pic

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সপোনৰ ক্ৰীড়া ৰাজধানীত গুৰুত্বহীন দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ তথা প্ৰথমজন অসমীয়া স্নুকাৰ অভিনৱ মহন্ত।বিশ্বৰ অভিজাত্যপূৰ্ণ খেলৰ ভিতৰত অন্যতম স্নুকাৰত ইতিমধ্যে অভিনৱে প্ৰতিনিধিত্ব কৰিছে ভাৰতক।স্নুকাৰত দেশক প্ৰতিনিধিত্ব কৰি বিশ্ব চেম্পিয়নৰ সপোন দেখা পোন্ধৰ বছৰীয়া অভিনৱ আগবাঢ়ি যোৱাৰ পথত এতিয়া অৰ্থ-সংকটৰ গভীৰ প্ৰত্যাহ্বান।উপায়হীন হৈ পিতৃ ডাঃ অশ্বিন কুমাৰ মহন্ত আৰু মাতৃ ববিতা মহন্তই সংবাদ-মেল সম্বোধন কৰি একমাত্ৰ পুত্ৰৰ সপোন পূৰণ কৰাৰ বাবে বিচাৰিব লগা হৈছে অর্থ-সাহায্য তথা বিভিন্ন ব্যক্তি-প্ৰতিষ্ঠানৰ পৰা পৃষ্ঠপোষকতা।

Pic

দিছপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰা বিশেষ সংবাদ মেলখনত অভিনৱক কাষত লৈ পিতৃ মহন্তই কয়-"অভিনৱ এতিয়া আমাৰ সন্তান নহয়।ৰাজ্যৰ লগতে দেশবাসীৰ সন্তান।অসমৰ পৰা স্নুকাৰত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম তথা একমাত্ৰ অসমীয়া।পিতৃ-মাতৃ হিচাপে যিমান পাৰিছোঁ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ।কিন্তু এতিয়া আমাৰো সমস্যা হৈছে আগবঢ়াই নিবলৈ।বাধ্য হৈ তাৰ  বাবে সাহায্য তথা পৃষ্ঠপোষকতা বিচাৰিছোঁ।"

উল্লেখ্য যে পিতৃয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ ভিতৰত এখন খেলত অংশগ্ৰহণ কৰা বাবে  অভিনৱক প্ৰয়োজন হয় দুই-তিনি লাখ টকা।যদি ভাৰতৰ বাহিৰত যাব লগা হয়,তেন্তে তাৰ পৰিমাণ দুগুণ হয়।

গুৰুত্বপূৰ্ণ কথা এই যে অভিনৱে অনুশীলন কৰিবৰ বাবে অসমত নাই কোনো সুবিধা।আনহে নালাগে অভিনৱে অনুশীল কৰিবলৈ নাই উপযুক্ত এখন টেবুলো।ফলত,আৰক্ষী বিষয়াসকলে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত খেলাৰ বাবে থকা একমাত্ৰ স্নুকাৰ টেবুলখনতে অনুশীলন কৰে অভিনৱে।অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই সুবিধা প্ৰদান কৰা বুলি সংবাদ মেলত উল্লেখ কৰে অভিনৱে।

ইফালে,অহা ১০এপ্ৰিলৰ  পৰা ১৩ এপ্ৰিললৈকে বেলজিয়ামত অনুষ্ঠিত হ'ব লগা স্নুকাৰৰ এখন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ভাৰতক প্ৰতিনিধিত্ব কৰিব অভিনৱে।তাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ৭ লাখ টকা।কিন্তু পুত্ৰক আগবঢ়াই নিয়াৰ বাবে পিতৃ-মাতৃৰ হাতত এতিয়া অৰ্থৰ নাটনি।

উল্লেখ্য যে মুখ্যমন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে সামান্য কিছু অৰ্থ সাহায্য অভিনৱক দিছিল যদিও সেয়া এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও নহয়।লগতে আশ্বাস দিছিল অনাগত দিনত সহায় কৰাৰ কথা,কিন্তু দুৰ্ভাগ্যজনকভাৱে সোণোৱালৰ আশ্বাস কেৱল ঘোষণাতে আবদ্ধ হৈ থাকিল।

ইফালে,আগন্তক প্ৰতিযোগিতাসমূহৰ লগতে অভিনৱৰ বিশ্ব চেম্পিয়নৰ সপোন পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা পিতৃ মহন্তই সহায় বিচাৰিছে।

Your Comments