হাজোৰ ক্ষুদ্ৰদধিত 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' পালন

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে হাজোৰ ক্ষুদ্ৰদধিতো শুকুৰবাৰে উদযাপন কৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ চুড়ান্ত বাৰ্ষিক ছাত্ৰ গোটৰ দ্বাৰা আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসউদ্যান শস্য গৱেষণা প্ৰতিষ্ঠান কাঁঁহিকুছিৰ তত্বাৱধানত "ল'টাচ" ছাত্ৰ গোটৰ দ্বাৰা হাজোৰ ক্ষুদ্ৰদধি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ জ্ঞান বিকাশ কৰাৰ উদ্দেশ্যেৰে বিজ্ঞান দিৱসৰ আজিৰ দিনটোতে কম্পিউটাৰত ছবি অঁকাৰ লগতে বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়ে ল'টাচ ছাত্ৰ গোটৰ সদস্যসকলে।গাঁও অঞ্চলৰ খেতিয়কক দিহা-পৰামৰ্শ দিয়াৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ কম্পিউটাৰৰ জ্ঞান দিয়াৰ বাবে কিছু চেষ্টা চলাই গোটটোৰ সদস্যসকলে।ইফালে হাজোৰ বৰদধিত 'জেচমিন ক্লাছটাৰ'ৰ ছাত্ৰী গোটৰ ক্ৰমে ঈশানী বৰগোঁহাই, অনুসূয়া বৰদলৈ,নেহা দাস,পূজা ভৰদ্বাজ,জেনিতা পাং গেইজম, লাল বুৱাটচাইহি চাইলৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অনুষ্ঠিত কৰা হয়।

Your Comments