আঠঘৰীয়াত অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভূত

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত আঠঘৰীয়াত বৃহস্পতিবাৰে নিশা অগ্নিকাণ্ডত এটা ভঙা-চিগা লোহাৰ গুদাম ঘৰৰ লগতে এখন হাৰ্ডৱেৰ দোকান  সম্পূৰ্ণৰূপে ভষ্মীভুত হয়।প্ৰাপ্ত খবৰমতে বৃহস্পতিবাৰে নিশা প্ৰায় ১-৩০ বজাত ঘগ্ৰাপাৰ-দামোদৰধাম-বিজুলীঘাট গড়কাপ্তানি পথৰ দামোদৰধাম সত্ৰ বজাৰৰ নাতিদূৰৰ আঠঘৰীয়াত থকা ভঙা-চিগা লোহা, প্লাষ্টিক, কাগজ আদিৰ বৃহৎ গুদাম ঘৰটোৰ পৰা দাউ-দাউকৈ জুই ওলোৱা প্ৰত্যক্ষ কৰে গুদাম ঘৰটোৰ বিপৰীতে থকা ঘৰৰ মালিক অকণ শৰ্মাই।লগে লগে অঞ্চলটোত হুৱা-দুৱা লাগে আৰু স্থানীয় লোক জুই নুমাবলৈ তৎপৰ হৈ পৰে।ব্যৱসায়ী হুছেইন আলি নিশা খবৰ পায়ে দুই কিলোমিটাৰ দূৰত্বত থকা কোটালকুছিৰ নিজ গৃহৰ পৰা আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে লৰমা-বঁটাকুছিৰ পৰাও ইনটাজ আলি উপস্থিত হয় যদিও ইতিমধ্যে অগ্নিকাণ্ডত সত্তৰ শতাংশ সা-সম্পত্তি জাহ যায়। স্থানীয় লোকে জুই নুমাবলৈ ব্যৰ্থ হোৱাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিও গুদাম ঘৰৰ গাতে লাগি থকা লৰমা-বঁটাকুছিৰ ইনটাজৰ হাৰ্ডৱেৰ দোকান আৰু হুচেইন আলিৰ গুদাম ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভুত হয়। ঘটনাস্থলীত কমাৰকুছি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয়। কোনো দুষ্কৃতিকাৰীয়ে এই অগ্নিকাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে।

Your Comments