"কেন্দ্ৰই গঠন কৰা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰই গ্ৰহণ কৰা নাই,গতিকে আমি ৬নং দফাৰ প্ৰতিবেদন দাখিলত উপস্থিত থকা নাই"-আছু

Pic

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ দেৱ শৰ্মা নেতৃত্বত গঠিত কমিটীয়ে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ প্ৰতিবেদন মঙলবাৰে গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেটে।কিন্তু তাৎপয্যপূৰ্ণভাৱে প্ৰতিবেদন দাখিল কৰাৰ সময়ত উপস্থিত নাথাকিল কমিটীৰ সদস্য সদৌ অসম ছাত্ৰ সন্থা।বিভিন্ন মহলত কথাটোয়ে চর্চা লাভ কৰাৰ সময়তে আছুৱে উপস্থিত নথকাৰ কাৰণ ব্যক্ত কৰিছে।

"দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহকে আদি কৰি দিল্লী-দিছপুৰৰ নেতাসকলে সংসদৰ ভিতৰে-বাহিৰে কৈ আহিছিল উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনৰ বাবে ৰৈ আছে।সংসদৰ ভিতৰত কৈছিল দাড়ি-ক'মাসহ কাৰ্যকৰী কৰিব বুলি।কমিটীয়ে নিৰ্দিষ্ট সময়সীমা পূৰ্বে প্ৰতিবেদন প্ৰস্তুত কৰিলে।কমিটীৰ তৰফৰ পৰা অধ্যক্ষই তিনিখনকৈ চিঠি প্ৰদান কৰি কমিটীৰ            প্ৰতিবেদন সময়তকৈ আগতে প্ৰস্তুত হৈ থকা বুলি অৱগত কৰিলে।কিন্তু কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ পৰা কৈ থকা অনুসৰি যিদৰে প্ৰতিবেদন গ্ৰহণ কৰিবলৈ তৎপৰতা দেখুুুৱাব লাগিছিল সেই তৎপৰতা দেখা নাপালোঁ"-এই গুৰুত্বপূৰ্ণ   মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে নিজে গ্ৰহণ কৰিব লাগিছিল।কিন্তু তাকে নকৰি  অসমৰ মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত প্ৰতিবেদন গ্ৰহণ কৰিছে।ফলত সদৌ অসম ছাত্ৰ সন্থা যোৱা নাই বুলি স্পষ্ট কৰি দিয়ে ভট্টাচাৰ্যই।

"অবৈধ বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিয়া,অসম চুক্তিক উলংঘা কৰা নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' জাপি দি অসমৰ মুখ্যমন্ত্ৰী-কেবিনেট দিল্লীৰ আজ্ঞাবাহী হৈ খিলঞ্জীয়াৰ স্বাৰ্থ জলাঞ্জলী দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ প্ৰতিবেদন দিয়াৰ  প্ৰয়োজন অনুভৱ কৰা নাই বুলিও উপদেষ্টা ভট্টাচাৰ্যই উল্লেখ কৰে।

প্ৰতিবেদনখন যিহেতু দিব লাগিব,সেই বাবে কমিটীৰ সদস্যসকলে প্ৰতিবেদন জমা দিয়া বুলিও উল্লেখ কৰে ভট্টাচাৰ্যই।

'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্য কৰি কয়-"প্ৰতিবেদন লাভ কৰাৰ এসপ্তাহৰ পিছত তেওঁলোকে আখৰে-আখৰে কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল।তাৰ পিছত কমিটীয়ে নিজৰ দায়িত্ব পালন কৰি অসম ৰাইজৰ দিহা-পৰামৰ্শ,আলোচনাৰ মাধ্যমেৰে শক্তিশালী প্ৰতিবেদন প্ৰস্তুত কৰিছে।সকলো ধৰণৰ সাংবিধানিক-ন্যায়িক কথাৰে আমাৰ অধিকাৰ সুৰক্ষা কৰাৰ সকলো কথা সন্নিৱিষ্ট কৰা হৈছে।গৃহমন্ত্ৰণালয়ৰ এতিয়া দায়িত্ব হ'ল প্ৰতিবেদন আখৰে-আখৰে পালন কৰিব লাগে।"

"দহ-পোন্ধৰ দিনৰ পূৰ্বে সম্পূৰ্ণ হোৱা প্ৰতিবেদনখনক লৈ সকলোৱে আশা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মৰ্যদাসহকাৰে গ্ৰহণ কৰিব।কিন্তু আচৰিতভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে যোৱা এসপ্তাহ ধৰি প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় উলিয়াব নোৱাৰিলে।এই কথাতে প্ৰমাণ হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি যে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱ"-গগৈয়ে কয়।

আছুৰ সভাপতি দীপাংক নাথে কয়-"কমিটীৰ ছয় নম্বৰ দফাৰ প্ৰতিবেদনত যিসমূহ            যিসমূূূহ কথা সন্নিৱিষ্ট কৰা হৈছে,সেই সকলো কথা ৰূপায়ণৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ।"

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাতহে সকলো কথা বাস্তৱায়িত হ'ব পাৰে বুলিও উল্লেখ কৰে সভাপতি নাথে।

Your Comments