ডবকাত পিষ্টল,সজীৱ গুলীসহ এজন লোক আৰক্ষীৰ জালত

Pic

ডবকাৰ প্ৰতিবেদক: 

যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া হোজাই জিলাৰ ডবকা আৰক্ষীয়ে এটা নিয়মীয়া তালাচী অভিযান চলায় ৷ আৰক্ষীৰ তালাচীৰ সময়ত ডবকা গণিপুৰ বাইপাচৰ পৰা আৰক্ষীয়ে অস্ত্ৰসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ লোকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা ·২২ পিষ্টল, তিনিটা সক্ৰিয় গুলী    উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীৰ হাতত আটক হোৱা লোকজন মোৰাঝাৰ থানাৰ অন্তৰ্গত ঘনিয়াৰপাৰ গাঁৱৰ অতুল নম:শুদ্ৰৰ পুত্ৰ অজিত নম:শূদ্ৰ বুলি চিনাক্ত কৰা হৈছে।লোকজন অস্ত্ৰ ব্যৱসায়ী।তেওঁ পিষ্টলটো মেঘালয়ত বিক্ৰীৰ বাবে লৈ যাওঁতে ডবকা আৰক্ষীৰ কৱলত পৰে।ধৃত লোকজনক ডবকা আৰক্ষীয়ে শনিবাৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

 

Your Comments