খুমটাই সমষ্টিত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ ১২৫ টা ছ'লাৰ লাইট বিতৰণ

Pic

গোলাঘাটৰ প্ৰতিবেদক:

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ শিয়ালেখাটি অঞ্চলত ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে গঞা ৰাইজৰ সুবিধাৰ্থে সাংসদ পুঁঁজি আৰু কেন্দ্ৰীয় চৰকাৰৰ অটল যোজনাৰ অধীনত গাওঁখনত ১২৫ টা ষ্ট্ৰীট ছ'লাৰ লাইট বিতৰণ কৰাৰ পদক্ষেপৰ শুভাৰম্ভ কৰে।

Pic

ইয়াৰ লগতে সমষ্টিটোৰ বিভিন্ন সমস্যাৰ বুজ লৈ আগন্তুক সময়ত সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।এই বিতৰণ অনুষ্ঠানত সাংসদজনক সংগ আৰু সহযোগ দিয়ে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে।

Your Comments